ইন্টাৰনেচনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী :টেকন’লজি জায়েন্ট মাইক্ৰছফ্ট(Technology Giant Microsoft) এটা নতুন ব্ৰাউজাৰৰ সংস্কৰণ ৷ মাইক্ৰছফ্ট এজে্ (98.0.1108.43) মুকলি কৰিছে এই ব্ৰাউজাৰৰ সংস্কৰণ যিয়ে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছে বহুতো নতুন সুবিধা । এজ্ হ’ল এনে এক ব্ৰাউজিং মোড য'ত ব্ৰাউজাৰৰ সুৰক্ষাক প্ৰাথমিকতা দিয়া হৈছে ।
কোম্পানীটোৰ কৰ্তৃপক্ষই কয় যে, মাইক্ৰছফ্ট এজ্ এটা ব্ৰাউজিং(Microsoft Edge Browser) মোড য'ত ব্ৰাউজাৰৰ সুৰক্ষাই প্ৰাথমিক । এই ব্ৰাউজিং মোডৰ জৰিয়তে এণ্ড টু এণ্ড ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰি আৰু বাহ্যিক কাৰকসমূহে কৰিব বিচৰা ক্ষতিৰ পৰা অন্তিম ব্যৱহাৰকাৰীৰ ডেস্ক টপ (উইণ্ডোচ, মেক, অ' এছ, আৰু লিনাক্স)ক সুৰক্ষিত কৰিব পাৰি ।