অসম

assam

ETV Bharat / lifestyle

বাক্সাৰ তামুলপুৰত ৰাভাসকলৰ বাটৰ পূজা সম্পন্ন

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত বসবাস কৰা টোটলা,পাতি ৰাভা সকলৰ নিজস্ব ভাষাটো বৰ্তমান প্ৰায় হেৰাই গৈছে ৷ তথাপিও নিজৰ কৃষ্টি সংস্কৃতিৰ সৈতে একাত্ম হৈ পূৰ্বৰ ৰীতি নিয়ম ৰক্ষা কৰি ৰাভাসকলে পালন কৰি আহিছে বাটৰ পূজা

By

Published : Apr 30, 2019, 9:39 PM IST

বাক্সাৰ তামুলপুৰত ৰাভা সকলৰ বাটৰ পূজা সম্পন্ন

বাক্সা, 30 এপ্ৰিলঃ বাক্সাত স্বকীয় ৰীতি নীতিৰে ৰাভা জনগোষ্ঠীয়ে পালন কৰিলে পৰম্পৰাগত বাটৰ পূজা। মঙলবাৰে পুৱাৰে পৰা বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২নং জামুগুৰী,ভেৰাখাট,পথাৰপাৰ,বিলপাৰ আদি ঠাইৰ ৰাভা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে এই পূজা ।

বাক্সাৰ তামুলপুৰত ৰাভা সকলৰ বাটৰ পূজা সম্পন্ন

আৰু পঢ়কঃ নিৰ্মাণৰ এবছৰৰ পাচতো মৰিয়নীত পৰিত্যক্ত হৈ ৰ'ল বন শিবিৰ

জামুগুৰী বাটাবাৰী গাঁৱৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত শাৰী শাৰীকৈ অনুষ্ঠিত কৰে বাটৰ পূজা। উল্লেখ্য যে ৰাভাসকলে বাটৰ পূজাত পৰম্পৰাগত ৰীতিৰে ৰাজ হাঁহ,পাৰ চৰাই, মুৰ্গী বলি দিয়ে যাতে গাঁওখনৰ পৰা সকলো অপায় অমংগল দূৰ হয়। ৰাইজৰ মংগল কামনাৰে প্ৰতিটো বসন্ত ঋতুত ৰাভাসকলে পালন কৰি আহিছে বাটৰ পূজা ৷

ABOUT THE AUTHOR

...view details