অসম

assam

ETV Bharat / jagte-raho

প্ৰেম প্ৰত্যাখ্যানঃ কিশোৰীক চুৰীৰে আঘাত কৰি নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা যুৱকৰ - ডিঙি কাটি আত্মহত্যাৰ চেষ্টা যুৱকৰ

বিয়াৰ প্ৰস্তাৱত মান্তি নোহোৱাৰ বাবেই 14 বছৰীয়া এগৰাকী কিশোৰীক ছুৰীৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰাৰ লগতে নিজেও আত্মহত্যাৰ চেষ্টা কৰে । মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই ঘটনা ।

প্ৰেম প্ৰত্যাখ্যানঃ কিশোৰীক চুৰীৰে আঘাত কৰি নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা যুৱকৰ
প্ৰেম প্ৰত্যাখ্যানঃ কিশোৰীক চুৰীৰে আঘাত কৰি নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা যুৱকৰ

By

Published : Apr 24, 2020, 11:36 AM IST

নিউজ ডেস্ক, 24 এপ্ৰিলঃএগৰাকী 14 বছৰীয়া কিশোৰীক ছুৰীৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰা 18 বছৰীয়া যুৱক এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ ভিৱান্দি চহৰ ।

প্ৰেম আৰু বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই যুৱকজনে কিশোৰী গৰাকীক ছুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাই । এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কিশোৰীগৰাকী । কিশোৰী গৰাকীক আঘাত কৰি যুৱকজনেও একেখন ছুৰীৰে নিজৰ ডিঙিত ৰেপি আত্মহত্যাৰ চেষ্টা কৰে । তাৰ পাচত দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পাচত যুৱকজনক চিকিৎসকে সংকটমুক্ত ঘোষণা কৰি মুকলি কৰাৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আনহাতে কিশোৰীগৰাকী এতিয়াও সংকটজনক অৱস্থাত আছে ।

বিগত এবছৰৰ পৰা যুৱকজনে কিশোৰী গৰাকীক প্ৰস্তাৱ আগবঢ়াই আছিল । কিন্ত প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল কিশোৰী গৰাকীয়ে। সেয়ে বৃহস্পতিবাৰে সন্ধিয়া কিশোৰীজনীৰ ঘৰলৈ গৈ যুৱকজনে এই কাণ্ড সংঘটিত কৰে । আৰক্ষীৰ সূত্ৰই অৱগত কৰে এই কথা ।

লগতে পঢ়কঃ তিনিচুকীয়াত চাৰি ভুৱা আৰক্ষী আটক

ABOUT THE AUTHOR

...view details