উৰিষ্যা, 17 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগেয়ে উৰিষ্যাৰ কান্ধামাল জিলাত অঘটন ৷ নিৰ্বাচনী বিষয়াৰ কৰ্মীসকলক লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ থাকোতেই মাওবাদীয়ে গুলীয়াই হত্যা কৰে এগৰাকী মহিলা প'লিং বিষয়াক ৷ নিহত বিষয়াগৰাকী চেক্টৰ অফিচাৰ সংযুক্তা দিগল বুলি জানিব পৰা গৈছে ৷
![মাওবাদীৰ আক্ৰমণত প্ৰাণ গ'ল নিৰ্বাচনী বিষয়াৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3032892-thumbnail-3x2-odisha.jpg)
etv bharat
মাওবাদী আক্ৰমণত উৰিষ্যাত প্ৰাণ গ’ল এগৰাকী মহিলা পুলিং বিষয়াৰ
আৰক্ষী সঞ্চালক প্ৰধান বি কে শৰ্মাই প্ৰকাশ কৰা অনুসৰি, জংঘলৰ মাজেৰে গৈ থাকোতে বিষয়াসকলে দেখা পাইছিল ৰাস্তাৰ মাজত পৰি থকা এক সন্দেহজনক সামগ্ৰী ৷ সামগ্ৰীবিধ চাবলৈ বুলি চেক্টৰ বিষয়া সংযুক্তা দিগল বাহনৰ পৰা নামি যাওঁতেই মাওবাদীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে ৷ মাওবাদীৰ আক্ৰমণত থিতাতে নিহত হয় প'লিং বিষয়াগৰাকী ৷ লগতে, এই আক্ৰমণত বাহনখনত থকা আন বিষয়াসকল হতাহত হোৱা নাই বুলিও প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷