অসম

assam

ETV Bharat / jagte-raho

বন্ধন বেংকলৈ বুলি ওলাই যোৱা মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশ - বন্ধন বেংক মহিলা নিৰুদ্দেশ

মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে মহিলাৰ নিৰুদ্দেশৰ ঘটনা । বিগত 12 তাৰিখে সন্ধিয়াৰ ভাগত ঘৰৰ পৰা ওলাই আহিছিল ৰুবী দাস নামৰ মহিলাগৰাকী । তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে মহিলাগৰাকী ৷

বন্ধন বেংকলৈ বুলি ওলাই যোৱা মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশ
বন্ধন বেংকলৈ বুলি ওলাই যোৱা মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশ

By

Published : Aug 17, 2020, 10:59 PM IST

গুৱাহাটী, 17 আগষ্ট: মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এগৰাকী মহিলাৰ নিৰুদ্দেশৰ ঘটনা । বিগত 12 আগষ্টত সন্ধিয়া ঘৰৰ পৰা ওলাই আহি সন্ধানহীন হৈ আছে ৰুবী দাস নামৰ মহিলাগৰাকী ।

নিৰুদ্দিষ্ট ৰুবী দাস নামৰ মহিলাগৰাকী

পাণ্ডু কলেজ গেটৰ মহিলাগৰাকীয়ে বন্ধন বেংকৰ কাৰ্যালয়ত যোৱাৰ উদ্দেশ্যে নিজৰ ঘৰৰ পৰা ওলাই আহিছিল । কিন্তু ঘৰৰ পৰা ওলাই অহাৰ পিচৰে পৰাই মহিলাগৰাকী ঘৰলৈ উভতি অহা নাই ৷ ৰুবী দাস দুুটাকৈ সন্তানৰ মাতৃ । স্বামীৰ পৰিয়ালে বহু বিছাৰ-খোছাৰ কৰিছে যদিও মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই ৷

পতিয়ে জালুকবাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰ কপি

যাৰ বাবে শোকত ভাগি পৰিছে স্বামী দেবু দাস । ইতিমধ্যেই জালুকবাৰী আৰক্ষী থানাত পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে স্বামীয়ে । তদুপৰি যদিহে কোনোৱে মহিলাগৰাকীৰ সম্ভেদ লাভ কৰে তেন্তে 8638502100 অথবা আৰক্ষীক খবৰ দিবলৈ কাতৰ আহ্বান জনাইছে স্বামী দেবু দাসে ।

বন্ধন বেংকলৈ বুলি ওলাই যোৱা মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশ

লগতে পঢ়কঃতিনিচুকীয়াত পুত্ৰ সহ নিৰুদ্দেশ মহিলা

ABOUT THE AUTHOR

...view details