নিউজ ডেস্ক, ৭ জুলাইঃউৰিষ্যাৰ ভূৱনেশ্বৰৰ আয়ুছ কাৰ্যালয়ত কৰ্মৰত এগৰাকী মহিলাই সোমবাৰে কাৰ্যালয়টোৰ এজন জ্যেষ্ঠ বিষয়ববীয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে ।
আনহাতে, আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে জ্যেষ্ঠ বিষয়ববীয়া গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত এছ সাৰংগীয়ে । লগতে ঘটনা সন্দৰ্ভত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে । অভিযোগ উত্থাপন কৰা মহিলা গৰাকীয়ে ইতিমধ্যে অভিযুক্ত বিষয়া গৰাকীক দোষী সাব্যস্ত কৰিবলৈ আৰক্ষীৰ হাতত উপযুক্ত প্ৰমাণ দিয়ে বুলিও মত প্ৰকাশ কৰে ।