ডিব্ৰুগড়, 19 নবেম্বৰ :জীৱন ফুকন নগৰত যোৱা নিশা এগৰাকী বােৱাৰীৰ সন্দেহজনক মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত । মন্দিৰা সিং সােণোৱাল নামৰ এগৰাকী উচ্চ শিক্ষিতা বােৱাৰীৰ মৃতদেহ ৰহস্যজনকভাৱে স্নানাগাৰত উদ্ধাৰ হয় । নিজৰ শােৱনী কোঠাৰ বাথৰূমত ডিঙিত চুৰিডাৰৰ চুৰ্নি মেৰিয়াই থোৱা লগতে মুখেৰে ৰক্ত বাহিৰ হৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয় ।
ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ চমৰজিৎ সােণোৱাল নামৰ ব্যক্তিজনৰ পত্নী মন্দিৰা সিং সােণোৱালৰ মৃতদেহ পৰিয়ালৰ লোকে আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হোৱাৰ পূৰ্বেই স্নানাগাৰ পৰা উলিয়াই আনি বিছনাত শুৱাই ৰাখিছিল । আৰক্ষীয়ে অৱশেষত মৃতদেহ উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষা পাছতহে এইয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড পোহৰলৈ আহিব ।