নিউজ ডেস্ক, 18 জুলাই : বাংলাদেশত গ্ৰেপ্তাৰ হয় এগৰাকী পশ্চিমবংগৰ যুৱতী ৷ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ পৰা দেশখনৰ সন্ত্ৰাসবাদ বিৰোধী গোটে গ্ৰেপ্তাৰ কৰে পশ্চিমবংগৰ প্ৰজ্ঞা দেৱনাথ নামৰ যুৱতীগৰাকীক ৷ বাংলাদেশৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ বিষয়া এছকে ইমৰান হুছেইনে প্ৰকাশ কৰিছে এই তথ্য ৷ হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা যুৱতীগৰাকীয়ে 2009 চনত ইছলাম ধৰ্ম গ্ৰহণ কৰি আয়েশা নাম লয় ৷
যুৱতীগৰাকীয়ে বাংলাদেশৰ জামাতুল মুজাহিদীন সন্ত্ৰাসবাদী সংগঠনটোৰ মহিলা শাখাৰ বাবে কাম কৰি আহিছিল ৷ ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৰ মহিলা নিযুক্তিৰ বাবে দায়িত্ব লাভ কৰিছিল প্ৰজ্ঞাই ৷ পৰৱৰ্তী সময়ত বাংলাদেশৰ চোৰাংচোৱাই এই বিষয়ে তথ্য লাভ কৰে ৷