অসম

assam

ETV Bharat / jagte-raho

বিকাশ ডুবেৰ অন্য দুই সহযোগীক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে খলনায়ক বিকাশ ডুবেৰ কোষাধ্যক্ষ জয় বাজপেয়ী আৰু তেওঁৰ সহযোগী প্ৰশান্ত শুক্লাক দেওবাৰে বিক্ৰু গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বিকাশ ডুবেৰ এই দুজন সহযোগীৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী থানাত বহুকেইটা গোচৰ ৰুজু হৈছে ৷

Uttar Pradesh police arrest two associates of Vikas Dubey
বিকাশ ডুবেৰ অন্য দুই সহযোগীক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

By

Published : Jul 20, 2020, 10:10 AM IST

নেশ্যনেল ডেস্ক, 20 জুলাই : উত্তৰ প্ৰদেশৰ খলনায়ক বিকাশ ডুবেৰ কোষাধ্যক্ষ জয় বাজপেয়ী আৰু তেওঁৰ সহযোগী প্ৰশান্ত শুক্লাক দেওবাৰে বিক্ৰু গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

বিকাশ ডুবেৰ এই দুজন সহযোগীৰ বিৰুদ্ধে আৰক্ষী থানাত বহুকেইটা গোচৰ ৰুজু হৈছে ৷ অভিযোগ অনুসৰি, যোৱা 1 জুলাইত জয় বাজপেয়ী বিক্ৰু গাঁৱলৈ গৈছিল আৰু বিকাশ ডুবেক 2 লাখ টকা দিছিল ৷

ইয়াৰোপৰি, জয় বাজপেয়ীয়ে গেংগষ্টাৰ বিকাশ ডুবেলৈ মাৰণাস্ত্ৰ আৰু বিলাসী বাহন প্ৰেৰণ কৰিছিল ৷ সূত্ৰই সদৰি কৰা মতে, 2 জুলাইত জয় বাজপেয়ী আৰু প্ৰশান্ত শুক্লাই কানপুৰ গুলীয়াগুলিৰ পূৰ্বে বিকাশ ডুবেক লগ ধৰিছিল ৷

বিকাশ ডুবেৰ অন্য দুই সহযোগীক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

জয় বাজপেয়ী আৰু প্ৰশান্ত শুক্লাই বিকাশ ডুবেক 2 লাখ আৰু 25 টা কাৰ্টিজ সংগ্ৰহ কৰাত সহায় কৰে ৷ আনহাতে, 4 জুলাইত জয় বাজপেয়ীৰ বিৰুদ্ধে কানপুৰ হত্যাকাণ্ডৰ পাচত বিকাশ ডুবে আৰু তেওঁৰ অন্য সহযোগীকেইজনক পলাই যোৱাত সহায় কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ বাবে বাজপেয়ীয়ে নিজৰ তিনিখন বিলাসী বাহন প্ৰেৰণ কৰে আৰু বিকাশ ডুবেসহ সহযোগীসকলক সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত সহায় কৰে ৷ সুৰক্ষিত ঠাইত প্ৰৱেশ কৰাৰ পাচত বাহনসমূহ কাকাদেৱ থানাৰ সমীপত এৰি দিয়া হয় ৷

লগতে পঢ়ক : এসময়ৰ নাগপুৰ কৰ্পৰেটৰ আজি প্ৰহৰী

ABOUT THE AUTHOR

...view details