নিউজ ডেস্ক, ২৬ এপ্ৰিলঃউত্তৰ প্ৰদেশৰ বুলন্দ চহৰত সংঘটিত হয় এক অঘটন । চহৰখনৰ বি.বি. পুলিছ ষ্টেচনত কৰ্মৰত এগৰাকী উপ-পৰিদৰ্শকৰ সহকৰ্মীৰ পিষ্টলৰ পৰা ওলোৱা গুলিৰ আঘাতত মৃত্যু হয় । জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ সিঙে এই কথা প্ৰকাশ কৰিছে ।
নিহত আৰক্ষী উপ-পৰিদৰ্শকগৰাকী বিজেন্দ্ৰ সিং বুলি জানিব পৰা গৈছে । আৰক্ষী চাউনীত থকা অৱস্থাত নৰেন্দ্ৰ সিং নামৰ উপ-পৰিদৰ্শকগৰাকীৰ পিষ্টলৰ গুলিত পেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিজেন্দ্ৰ সিং । পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।