গুৱাহাটী, 20 নৱেম্বৰঃঅপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা মহানগৰীক চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে ঘাটি হিচাপে বাচি লৈছে একাংশ দুষ্কৃতিকাৰীয়ে ৷ বিগত সময়চোৱাত গুৱাহাটী ৰেলৱে ষ্টেচনক চোৰাং সামগ্ৰী সৰবৰাহৰহট স্পট হিচাপে বাচি লৈ চলাই আহিছে অবৈধ তথা চোৰাং সামগ্ৰীৰ সৰবৰাহ ৷ কিন্তু ৰেল আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীৰ তৎপৰতাত বহুটো সময়ত এনেকুৱা চক্ৰৰ ঘাটি উচ্ছেদ হৈ আহিছে ৷
বুধবাৰে পুনৰ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা জব্দ হয় অবৈধ নিচাজাতীয় সামগ্ৰী ৷ ডিমাপুৰৰ পৰা দিল্লী অভিমুখী নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ এটা দবাৰ পৰা ৰেল আৰক্ষীয়ে নিচাজাতীয় কানিসহ গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাক ৷ ৰেলগাড়ীখনৰ B1 দবাৰ 61 আৰু 62 নম্বৰ আসনৰ পৰা আৰক্ষীয়ে দুয়োগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা জব্দ কৰে কানিখিনি ৷