নিউজ ডেস্ক, 26 ডিচেম্বৰ : জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শনিবাৰে 'The Resistance Force'ৰ সৈতে জড়িত থকা দুটাকৈ সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ধৃত সন্ত্ৰাসবাদী দুটাৰ পৰা অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্বন গ্ৰুপে ৷
শুকুৰবাৰে নিশাৰ ভাগত নাৰৱাল বাইপাছৰ সমীপৰ পৰা এখন বাহনত আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা ৷ ধৃত সন্ত্ৰাসবাদী দুটা কাজিগুণ্ডৰ ৰাইছ আহমেদ ডাৰ আৰু কুলগামৰ চাবজাৰ আহমেদ শ্বেইখ বুলি জনাইছে আৰক্ষীয়ে ৷
আৰক্ষীৰ এগৰাকী মুখপাত্ৰই এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্বন গ্ৰুপে বাইপাছৰ ওচৰত এখন তালাচী চকী স্থাপন কৰি অভিযান চলাইছিল ৷ অভিযানৰ সময়তে স্বয়ংচালিত অস্ত্ৰৰ সৈতে এখন এল্টো বাহনৰ পৰা দুয়োটা সন্ত্ৰাসবাদীকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত সন্ত্ৰাসবাদী দুটাৰ পৰা এটা একে ছিৰিজৰ ৰাইফল, এটা পিষ্টল, দুটা একেৰ মেগজিন, একে ছিৰিজৰ 60 জাঁই সক্ৰিয় গুলি আৰু 15 জাঁই পিষ্টলৰ গুলি জব্দ হয় ৷