বাক্সা, ১৯ ডিচেম্বৰ :বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানীৰ শংকৰদেৱ শিশু নিকেতন আৰু বডোফা একাডেমীত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্রকাশ কৰা হয় । শুক্রবাৰে ৰাতি প্ৰায় ৮ মান আৰু ১০ মান বজাত শংকৰদেৱ শিশু নিকেতনখনত দুবাৰকৈ অগ্নি সংযোগ কৰাৰ পিছত পুনৰ দুই ঘণ্টাৰ পিছত বডোফা একাডেমীতো অগ্নি সংযোগ কৰে ।
শংকৰদেৱ শিশু নিকেতনখনৰ বেছিকৈ ক্ষতিগ্রস্ত হোৱা নাই যদিও বডোফা একাডেমীখনৰ কিতাপ পত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফৰ্মকে আদি কৰি প্ৰায় লাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ প্রকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।