অসম

assam

জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী

By

Published : Jul 20, 2020, 10:21 PM IST

মহানগৰীত আৰক্ষীৰ অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত আৰক্ষীৰ ৷

Two drugs peddler arrested By Police At Guwahati
জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী

গুৱাহাটী, 20 জুলাইঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ জালত পৰে দুজন দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত ড্ৰাগছ মাফিয়া দুটাৰ নাম ফাৰুক আহমেদ ওৰফে মুগলি আৰু বিলাল হুছেইন ।

জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী

লক ডাউনৰ মাজতো মহানগৰীত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত আছে । সোমবাৰে জালুকবাৰী আৰক্ষীৰ জালত পৰে দুজন দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ মাফিয়া দুটাৰ নাম ফাৰুক আহমেদ ওৰফে মুগলি আৰু বিলাল হুছেইন বুলি জানিবলৈ পোৱা গৈছে । মহানগৰীৰ গাড়ীগাঁৱত জালুকবাৰী সংমণ্ডলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (ACP) জ্যোতিপ্ৰসাদ পেগুৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ এই অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে আটকাধীন দুয়োৰে পৰা ১০০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ১০,৮০০(দহ হাজাৰ আঠ শ) টকা,দুটা মোবাইল ফোন,এখন চাকুৰ লগতে কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে আগবঢ়াইছে তদন্ত প্ৰক্ৰিয়া । উল্লেখযোগ্য যে, মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছ ঘৰে ঘৰে যোগান ধৰাৰ অভিযোগ আছে ফাৰুক আহমেদ ওৰফে মুগলিৰ বিৰুদ্ধে ।

লগতে পঢ়ক- ডিব্ৰুগড়ত দ খাৱৈত পিছলি পৰিল চালকসহ গাড়ী

ABOUT THE AUTHOR

...view details