চিৰাং, 7 নৱেম্বৰঃচিৰাঙৰ বিজনীত নিষিদ্ধ ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ বিজনীৰ ৰামসীতা মন্দিৰৰ সমীপৰ পৰা এখন হুণ্ডাই গাড়ীৰ পৰা ড্ৰাগছসহ আটক হয় দুজনকৈ সৰবৰাহকাৰী ৷ বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা গোপন অভিযানত বৃহস্পতিবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ হয় দুয়োগৰাকী সৰবৰাহকাৰী ৷
চিৰাঙৰ বিজনীত নিষিদ্ধ দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী - চিৰাঙৰ বিজনীত নিষিদ্ধ দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
চিৰাং জিলাৰ বিজনী মহকুমাত নিষিদ্ধ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী ৷ বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ দুয়োজন সৰবৰাহকাৰী ৷

বিজনীত আটক ড্ৰাগছ সৰবৰাহকাৰী
বিজনীত আটক ড্ৰাগছ সৰবৰাহকাৰী
আটকাধীন সৰবৰাহকাৰী দুজন জুবেইদ আহমেদ খান(২৫) আৰু মুছাৰফ খান(১৭) বুলি জানিব পৰা গৈছে ৷ দুয়োজনৰ পৰা ৮টা ড্ৰাগছ কন্টেইনাৰৰ লগতে এটা মোবাইল ফোন আৰু এখন হুণ্ডাই ইয়ন গাড়ী জব্দ কৰিছে আৰক্ষীয়ে ৷ ধৃত জুবেইদৰ ঘৰ বিজনীৰ কাউয়াটিকা আৰু মুছাৰফৰ ঘৰ বঙাইগাঁও জিলাৰ মানিকপুৰত বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে নিশা 8 বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় দুয়ো ৷ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে চাওকঃ১৫০ টা বছৰ অতিক্ৰম কৰিলে অসমৰ প্ৰথমখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে
Last Updated : Nov 8, 2019, 8:28 AM IST