অসম

assam

ETV Bharat / jagte-raho

খাৰুপেটীয়া আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত - KHAROPETIA DOCAT ARREST

দৰঙৰ খাৰুপেটীয়া আৰক্ষীৰ বিশেষ সফলতা । সোমবাৰে নিশা চলোৱা অভিযানত গ্ৰেপ্তাৰ দুই ডকাইত । পূৰ্বেও ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগ দুই ডকাইতৰ বিৰুদ্ধে ।

ধৃত দুই ডকাইত

By

Published : Oct 22, 2019, 1:43 PM IST

দলগাঁও, ২২ অক্টোবৰঃ সোমবাৰে নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ডকাইতক । এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটীয়া থানা এলেকাৰ নিমতলীৰ সমীপৰ পৰা কৌশলৰে গ্ৰেপ্তাৰ কৰে দুই ডকাইত ক্ৰমে মহিদুল ইছলাম আৰু জয়নাল আবদ্দিনক । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় এই দুই ডকাইত । উল্লেখ্য যে, দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আত্মগোপন কৰি আছিল এই ধৃত দুই ডকাইত । ইপিনে ডকাইত দুটাৰ বিৰুদ্ধে হাতীগাঁও থানাতো এক গোচৰ ৰুজু হৈ আছে ৷

দৰঙত দুই ডকাইত আটক

ABOUT THE AUTHOR

...view details