অসম

assam

ETV Bharat / jagte-raho

কোটি টকীয়া কেলেংকাৰীঃ দুজনক আটক আৰক্ষীৰ

জোনাইত বহুমুখী সমবায় সমিতি লিমিটেডত কোটিটকীয়া কেলেংকাৰী হোৱা ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত থকা অভিযোগত দুজনক আটক কৰিছে আৰক্ষীয়ে ৷

By

Published : Jun 30, 2020, 7:15 PM IST

Two Bank Persons Arrested By Police At Jonai
কোটি টকীয়া কেলেংকাৰীঃ দুজনক আটক আৰক্ষীৰ

জোনাই, 30 জুনঃ জোনাইত বহুমুখী সমবায় সমিতি লিমিটেডৰ কোটিটকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত থকা অভিযোগত দুজনক আটক কৰিছে আৰক্ষীয়ে ৷

কোটি টকীয়া কেলেংকাৰীঃ দুজনক আটক আৰক্ষীৰ

উল্লেখ্য যে, বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাত সংঘটিত হৈছে ১ কোটি ২৯ লাখ টকাৰ এক কেলেংকাৰীৰ ৷ যাৰ ফলত জোনাই শাখা বন্ধ হৈ পৰাত শাখাটোত ৰখা জমা ধনক লৈ এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ তুলি শাখা পৰিচালকজনে কোষাধ্যক্ষ বন্তি মিলি, ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাস আৰু এজেণ্ট মৌচুমী দলে বিৰুদ্ধে জোনাই থানাত এক গোচৰ ৰুজু কৰে ৷ ইতিমধ্যে বেংকটোৰ কোষাধ্যক্ষ বন্তি মিলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বন্তি মিলিক যোৱা দেওবাৰে নিশা চিলাপথাৰ আৰক্ষীয়ে আটক কৰাৰ পিছত জোনাই আৰক্ষীয়ে দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ৷ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মাৰ নিৰ্দেশ দি জেললৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, জোনাই থানাৰ আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত সমবায় বেংকৰ এজেন্ট মৌচুমী দলেক যোৱা ২০ জুনত চিলাপথাৰ নামঘৰীয়া নিজা গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ সেইদিনাই জোনাই থানাৰ আৰক্ষীয়ে বন্তি মিলিৰ স্বামীৰ নামত পঞ্জীয়নভূক্ত বলেৰ গাড়ী এখন জব্দ কৰে ৷ ইপিনে কেলেংকাৰী গোচৰত জড়িত ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাস বৰ্তমানে পলাতক অৱস্থাত আছে বুলি জানিবলৈ পোৱা গৈছে ৷

বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ কোষাধ্যক্ষ বন্তি মিলি টায়েং, ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাস আৰু এজেন্ট মোচুমী দলে ১ কোটি ২৯ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰি বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ পৰিচালক বিক্ৰমসিং টায়েই এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিত জোনাই সদৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৩৪ ধাৰা অধীনত ৪৭/২০ নম্বৰৰ এটা গোচৰ ৰুজ কৰা হয় ৷ অভিযোগ মতে বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখাৰ কোষাধ্যক্ষ বন্তি মিলিয়ে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ ১০৯,৮৫,৬৮৬ টকা ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলে দাসে ১৪,৬১,০৫২ টকা আৰু মৌচুমী দলেয়ে ৪,৫৭,৮৫১ টকা মুঠ ১,২৯,০৪,৫৯০ টকা বেংটোৰ গ্ৰাহকৰ জমাধন আত্মসাৎ কৰিছে ৷

সমবায় বেংকটোৰ এজেন্ট সকলে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি জমা দিয়া সময়ত কোষাধ্যক্ষই এজেন্ট সকলৰ প্ৰকৃত জমা ধনৰ হিচাপৰ বিপৰীতে বেংকৰ কেজবুকত কমকৈ জমা ধন লিপিবদ্ধ কৰি দৈনিক গ্ৰাহক ৰাইজৰ জমাধন আত্মসাৎ অভিযোগ উঠিছে৷ ইতিমধ্যে জোনাই থানাই যোৱা তিনি জুনত বহুমুখী সমবায় সমিতি লিমিটেডৰ জোনাই শাখা কাৰ্যালয়ত অভিযান চলাই এঘাৰটা ফাইল তথা নথি পত্ৰ জব্দ কৰে ৷

জড়িত দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত দুৰ্ণীনীতি জড়িত তৃতীয় গৰাকী সদস্য এতিয়াও পলাতক হৈ থকা ক্ষেত্ৰ সহায়ক দীপাঞ্জলী দলেয়ে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ উক্ত জোনাই শাখাটোত সংঘটিত হোবা এই কেলেংকাৰীৰ এক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে গ্ৰাহক সকলে ৷ ইপিনে দীৰ্ঘদিন ধৰি সমবায় বেংকটোৰ কাম কাজ বন্ধ হৈ থকাত জমাধন ঘূৰাই বিচাৰি গ্ৰাহক ৰাইজে হাহাকাৰ কৰিব লগা হৈছে ৷

লগতে পঢ়ক- শ্বহীদ পৰিয়ালক উচিত ন্যায় আৰু ক্ষতিপূৰণ দিবই লাগিবঃ লুৰিণজ্যোতি

ABOUT THE AUTHOR

...view details