কৰিমগঞ্জ, ২৮ এপ্ৰিলঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে পত্নী নীতি দেৱীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলোৱাৰ উৰা বাতৰিয়ে কিছুদিন ধৰি ত্ৰিপুৰাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
এই ঘটনাৰ ফলত অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পৰিয়াল । এনে উৰা বাতৰি বিয়পোৱাৰ অভিযোগত এইবাৰ ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী বাওঁপন্থী বিধায়কৰ দেহৰক্ষী ।
ঘটনা সন্দৰ্ভত উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা বিধানসভা সমষ্টিৰ বিধায়ক ইছলাম উদ্দিনৰ দেহৰক্ষী জামাল উদ্দিনক আটক কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে । প্ৰথমে ধৰ্মনগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোধপোছৰ বাবে মতা হৈছিল জামাল উদ্দিনক । মাৰাথন জেৰাৰ অন্তত আটক কৰা হয় বিধায়ক ইছলাম উদ্দিনৰ দেহৰক্ষী জামাল উদ্দিনক ।
ইতিমধ্যে জামালৰ বিৰুদ্ধে 167, 469, 501, 34 IPC নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই ৰঙা ঘৰৰ আলহী এগৰাকী দেহৰক্ষী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই ৰঙা ঘৰৰ আলহী এগৰাকী দেহৰক্ষী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই ৰঙা ঘৰৰ আলহী এগৰাকী দেহৰক্ষী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই ৰঙা ঘৰৰ আলহী এগৰাকী দেহৰক্ষী ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভুল বাতৰি প্ৰকাশৰ অভিযোগ পত্নী নীতি দেৱীৰ