অসম

assam

ETV Bharat / jagte-raho

পশ্চিমবংগত তিনিগৰাকী তৃণমুল নেতাৰ ওপৰত গুলিচালনা

পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমুল কংগ্ৰেছৰ তিনিগৰাকীকৈ স্থানীয় নেতাৰ ওপৰত গুলিচালনা ৷ ৰাজ্যখনৰ 24 পাৰগণা জিলাৰ জিৱানটালাত সংঘটিত হয় গুলিচালনাৰ ঘটনাটো ৷

পশ্চিমবংগত তিনিগৰাকী তৃণমুল নেতাৰ ওপৰত গুলিচালনা
পশ্চিমবংগত তিনিগৰাকী তৃণমুল নেতাৰ ওপৰত গুলিচালনা

By

Published : Nov 3, 2020, 2:23 PM IST

Updated : Nov 3, 2020, 4:37 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ :পশ্চিমবংগত পুনৰ ৰাজনৈতিক নেতাৰ ওপৰত সংঘটিত গুলিচালনাৰ ঘটনা ৷ ৰাজ্যখনৰ দক্ষিণ 24 পাৰগণা জিলাৰ জিৱানটালাত সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে, পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমুল কংগ্ৰেছৰ তিনিগৰাকীকৈ স্থানীয় নেতাক লক্ষ্য কৰি অচিনাক্ত বন্দুকধাৰীয়ে মঙলবাৰে ধাৰাসাৰ গুলিচালনা কৰে ৷ ঘটনাৰ পিচতেই তিনিওগৰাকী নেতাক কলকাতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে, তিনিওগৰাকী নেতাৰে অৱস্থা বৰ্তমানে সংকটজনক ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গুলিচালনাৰ বলি হোৱা তিনিওগৰাকী নেতা কুতুবুদ্দিন শ্বেইখ, মছলেম আলি মোল্লা আৰু আলমগিৰ গাজি বুলি জানিব পৰা গৈছে ৷ তিনিওগৰাকী নেতাই স্থানীয় অঞ্চলটোত কিছুমান বহিৰাগত লোকে স্থান লোৱা বুলি জানিব পাৰে ৷ ইয়াৰ পিচতেই তিনিও উক্ত স্থানত উপস্থিত হৈ ঘটনাৰ বুজ ল'ব চেষ্টা কৰে ৷ কিন্তু এনে অৱস্থাতে দুষ্কৃতিকাৰীয়ে তিনিওলৈ বুলি ধাৰাসাৰ গুলিচালনা কৰে ৷ গুলিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা তিনিওগৰাকী নেতাক প্ৰথমে কেনিং মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱা বাবে কলকাতালৈ স্থানান্তৰ কৰা হয় ৷

ঘটনাৰ পিচতে অঞ্চলটোত পুনৰ উত্তেজনাই বিৰাজ কৰিছে ৷

লগতে পঢ়ক :ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 মুকলি

Last Updated : Nov 3, 2020, 4:37 PM IST

ABOUT THE AUTHOR

...view details