অসম

assam

ETV Bharat / jagte-raho

আবকাৰী বিভাগৰ অভিযানঃ আটক তিনিজন - আৱকাৰী বিভাগ

চুলাই বিৰোধী এক অভিযানত আবকাৰী বিভাগে তিনিজনকৈ চুলাই ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰিলে চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত বহু সা-সৰঞ্জাম ৷

Three Persons Arrested By Excise Depertment At Guwahati
গুৱাহাটীত আৱকাৰী বিভাগে উৎখাত কৰিলে ১৪ টাকৈ চুলাই ভাটি, আটক তিনি জনক

By

Published : Aug 22, 2020, 10:27 PM IST

গুৱাহাটী, 22 আগষ্টঃশণিবাৰে মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগে চলালে চলাই চুলাই বিৰোধী অভিযান । ইফালে গুৱাহাটীৰ গীতা মন্দিৰৰ সমীপৱৰ্তী বৈকুণ্ঠনগৰ আৰু উলুবাৰী কছাৰীবস্তিতো আবকাৰী বিভাগে চলাইছিল এই অভিযান । উক্ত অভিযানকালত মুঠ ১৪ টাকৈ বৃহৎ চুলাই ভাটি ধ্বংস কৰে আবকাৰী বিভাগে । লগতে সৰ্বমুঠ ৪০০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী, ৩২০ লিটাৰ চুলাই, ১৪ যোৰা চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত সা-সৰঞ্জাম জব্দ কৰে অভিযানকাৰী দলটোৱে ।

গুৱাহাটীত আৱকাৰী বিভাগে উৎখাত কৰিলে ১৪ টাকৈ চুলাই ভাটি, আটক তিনি জনক

ইফালে ঘটনা সন্দৰ্ভত তিনিজনকৈ চুলাই ব্যৱসায়ীক আটক কৰিছে আবকাৰী বিভাগে । ধৃত চুলাই ব্যৱসায়ী কেইজন ক্ৰমে জয়ৰাম পাটৰ, কমল বড়ো আৰু হৰি প্ৰকাশ ৰায়।

উল্লেখ্য যে, লক ডাউন সময়ছোৱাতো মহানগৰীৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাই আহিছে চুলাই বেহা । ইয়াৰ বিৰুদ্ধে নিয়মীয়াকৈ এই অভিযান চলাই যাব বুলি উল্লেখ কৰে আবকাৰী বিভাগে । মহানগৰীত এনে অসাধু ব্যৱসায়ীৰ এক তালিকা প্ৰস্তুত কৰি ইতিমধ্যে ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে আবকাৰী বিভাগে । আনহাতে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা 4 জনকৈ লোকক চুলাই মদৰ সৰবৰাহৰ অভিযোগত ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে আবকাৰী বিষয়াজনে ৷

লগতে পঢ়ক-নিৰুদ্দিষ্ট বোৱাৰীক কেন্দ্ৰ কৰি বাইহাটাত চাঞ্চল্য

ABOUT THE AUTHOR

...view details