নিউজ ডেস্ক, 1 জুনঃ সেনা চোৰাংচোৱা আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত সোমবাৰে তিনিগৰাকী পাকিস্তানী নাগৰিক গ্ৰেপ্তাৰ হয় ৷ দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্তব্যত নিয়োজিত তিনিওগৰাকী পাকিস্তানী আমোলাই দিল্লীৰ তথ্য চুৰি কৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইক প্ৰদান কৰি আহিছিল ৷ ধৃত তিনিওগৰাকী আমোলা ক্ৰমে, আবিদ হুছেইন, তাহিৰ খান আৰু জাভেদ হুছেইন বুলি জানিব পৰা গৈছে ৷
ভাৰত চৰকাৰে নিষিদ্ধ কৰা পাকিস্তানী বিষয়া দুগৰাকী ঘটনা সন্দৰ্ভত দেশৰ বৈদেশিক মন্ত্ৰালয়ে তিনিওগৰাকী বিষয়াকে ভাৰতত নিষিদ্ধ ঘোষণা কৰিছে ৷ ইয়াৰ পূৰ্বে 2016 চনত দেশৰ বৈদেশিক মন্ত্ৰালয়ে এগৰাকী পাকিস্তানী আমোলাক ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ৷ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰী কৰি 24 ঘন্টাৰ ভিতৰকে তিনিওকে দেশ এৰি পাকিস্তানলৈ উভটি যাবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে Official Secrets Actৰ অধীনত এক গোচৰ ৰুজু কৰিছে ভাৰত চৰকাৰে ৷
পাকিস্তানী বিষয়াৰ ভুৱা আধাৰ কাৰ্ড আনহাতে ভাৰত চৰকাৰৰ এই দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি চোৰাংচোৱাগিৰিৰ সকলো অভিযোগ নসাৎ কৰিছে পাকিস্তানে ৷ ভাৰতে কৰা দাবীক পাকিস্তানে ৰাষ্ট্ৰসংঘৰ ভিয়েনা সমাৱৰ্তনৰ নীতি ভংগ কৰা বুলি ওলোটাই প্ৰতিঅভিযোগ তোলে পাকিস্তানে ৷ জম্মু-কাশ্মীৰত মানৱ অধিকাৰ ভংগ হৈ থকা বিষয়টোৰ পৰা আঁতৰাই আনিবলৈ ভাৰত চৰকাৰে পাকিস্তানী আমোলাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে বুলি দাবী কৰে পাকিস্তানে ৷
উল্লেখ্য যে, নতুন দিল্লীৰ কৰোল বাগৰ আৰ্য সমাজ ৰোডৰ কাষৰ তিনিওগৰাকী বিষয়া ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ কৰ্মীক লগ কৰিবলৈ যোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে ৷ ইয়াৰ ভিতৰত আবিদ হুছেইন (42) আৰু তাহিৰ খানে (44) ভুৱা নামৰ লগতে ভুৱা প্ৰমাণপত্ৰৰ সৈতে ধৰা পৰে ৷ তেওঁলোকক সেই ঠাইলৈ যোৱাত সহায় কৰা জাভেদ হুছেইনকো অভিযানকাৰী দলটোৱে কৰায়ত্ত কৰে ৷
প্ৰাৰম্ভিক তদন্তৰ অন্তত তেওঁলোকৰ ওপৰত দীৰ্ঘদিন ধৰিয়ে সেনাৰ বিষয়া তথা প্ৰতিৰক্ষা বিভাগৰ বিষয়াৰ সৈতে ঠগবাজী কৰি থকাৰ অভিযোগৰ প্ৰমাণ পোৱা গৈছে ৷ কৰায়ত্ত কৰাৰ সময়ত তেওঁলোকৰ পৰা নগদ 15 হাজাৰ ভাৰতীয় টকা আৰু দুটা আইফোনৰ লগতে বহুটো আপত্তিজনক নথি পোৱা গৈছে ৷