ডিফু, 7 ডিচেম্বৰ :ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ থকা বৃহৎ গাড়ী চুৰি চক্ৰটোৱে সমগ্ৰ ৰাজ্যৰ পৰা চুৰি কৰি অনা দুচকীয়া, চাৰিচকীয়া, ছয়চকীয়া আদি বাহনসমূহ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজৰে পাৰ হৈ যোৱা 39 নং আৰু 36 নং ৰাষ্ট্ৰীয় ঘাইপথদুটাৰে পাৰ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত বিক্ৰীৰ বাবে লৈ যায় ৷
উক্ত পথ দুটাৰে চুৰি কৰি নিয়া বহু গাড়ী ধৰা পৰিছে বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ, খটখটি, ডিলাই আদি আৰক্ষী থানাৰ নাকা তালাচীত ৷ দেওবাৰৰ নিশাও মহকুমাটোৰ অন্তৰ্গত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ নাকা তালাচীৰ সময়ত মহিন্দ্ৰা কোম্পানীৰ AS-01-BY-6838 নম্বৰৰ এখন চুৰি কে ইউ ভি গাড়ীসহ এটা চোৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজান আৰক্ষী পহৰা চকী আৰক্ষীৰ জালত পৰে ৷
লগতে পঢ়ক :মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্প উদ্বোধন