নলবাৰী, 18 মাৰ্চঃ নলবাৰী চহৰৰ গোপাল বজাৰস্থিত দুৰ্গা মন্দিৰত চোৰৰ তাণ্ডৱ ৷ মঙলবাৰে নিশা চোৰে চাফাই অভিযান চলাই মন্দিৰটোৰ প্ৰণামী বাকচ ভাঙি লৈ গ’ল নগদ ধন। প্ৰণামী বাকচৰ পৰা প্ৰায় 5000 টকা চোৰে লুটি নিয়া বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ নিৰ্মীয়মাণ অৱস্থাত থকা এই মন্দিৰটোত চোৰে নিশা চাফাই অভিযান চলোৱাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
নলবাৰীৰ দূৰ্গা মন্দিৰত চুৰিকাণ্ড - দুৰ্গা মন্দিৰত আৰক্ষী উপস্থিত
নলবাৰীৰ গোপাল বজাৰৰ দুৰ্গা মন্দিৰত মঙলবাৰে নিশা চোৰৰ চাফাই অভিযান ৷ প্ৰণামী বাকচ ভাঙি নিলে চোৰে নিলে নগদ ধন ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী তদন্ত আৰম্ভ ৷
![নলবাৰীৰ দূৰ্গা মন্দিৰত চুৰিকাণ্ড নলবাৰীৰ দূৰ্গা মন্দিৰত চুৰিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6454827-thumbnail-3x2-n.jpg)
নলবাৰীৰ দূৰ্গা মন্দিৰত চুৰিকাণ্ড