জামুগুৰিহাট, 6 আগষ্টঃ জামুগুৰিহাটৰ টুপীয়াৰ নিকটৱৰ্তী নাহৰবাৰী চাহ ফেক্টৰীৰ সহকাৰী পৰিচালকডিব্ৰুগড় টিংখাংৰ হেমন্ত শৰ্মাৰআত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মঙলবাৰে নিজ বাসগৃহত সহকাৰী পৰিচালকগৰাকী চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৷ পুৱা ৯ বজালৈকে শোৱাৰপৰা নুঠাৰ বাবে কাষৰ কোঠাত থকা কৰ্মচাৰীয়ে দুৱাৰ ধকিয়াই উঠোৱাৰ চেষ্টা কৰে ৷ কিন্তু কোনো উমান নাপাই খিড়িকীৰ ভেন্টিলেটৰে দি চোৱাত সহঃ পৰিচালকগৰাকীক প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় আৰক্ষীক অৱগত কৰে ৷ দণ্ডাধীশসহ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিপজৰী লোৱা সহঃপৰিচালকগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইপিনে তদন্তৰ খাতিৰত অনিৰ্দিষ্টকাললৈ ফেক্টৰীটোৰ কামকাজ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে দণ্ডাধীশ গৰাকীয়ে ৷
জামুগুৰিহাটত চাহ ফেক্টৰীৰ সহ:পৰিচালকৰ আত্মহত্যা ! - tea garden
জামুগুৰিহাটৰ নাহৰবাৰী চাহ ফেক্টৰীত সহকাৰী পৰিচালকৰ আত্মহত্যা ৷ সহকাৰী পৰিচালক গৰাকীৰ আত্মহত্যাৰ ঘটনাক পৰিকল্পিত ঘটনা বুলি সন্দেহ পৰিয়ালবৰ্গৰ ৷ সমগ্ৰ ঘটনাটো হত্যা নে আত্মহত্যা ইয়াক লৈ চাঞ্চল্য অব্যাহত আছে ৷
জামুগুৰিহাটত চাহ ফেক্টৰীৰ সহ:পৰিচালকৰ আত্মহত্যা !
ইফালে পৰিয়ালৰ লোকেও মৃতদেহৰ তলত তেজৰ ডোঙা প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ৷