কৰিমগঞ্জ, 27 এপ্ৰিল : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। ৰাজ্যখনৰ বিশালগড় অঞ্চলৰ এগৰাকী পঞ্চাশ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । এটা পৰিত্যক্ত কুঁৱাৰ ভিতৰত উদ্ধাৰ হৈছে মহিলা গৰাকীৰ অৰ্ধগলিত মৃতদেহ । মৃত মহিলা গৰাকী বিশালগড় পৌৰসভাৰ এগৰাকী ছাফাই কৰ্মী আছিল বুলি জানিব পৰা গৈছে । বিগত পাঁচ দিনৰ পৰা মহিলা গৰাকী সন্ধানহীন আছিল। অৱশেষত সোমবাৰে পুৱাৰ ভাগত মহিলা গৰাকীৰ নিজৰ ঘৰৰ পৰা কিছু নিলগত থকা এটা কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ হয় মহিলা গৰাকীৰ অৰ্ধগলিত মৃতদেহটো।
ত্ৰিপুৰাত কুঁৱাৰ ভিতৰত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ - অৰ্ধগলিত মৃতদেহ
ত্ৰিপুৰাৰ বিশালগড়ত সোমবাৰে পুৱাৰ ভাগত এগৰাকী মহিলাৰ নিজৰ ঘৰৰ পৰা কিছু নিলগত থকা এটা কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহ । ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব ৷ ইতিমধ্যে আৰক্ষী ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰিছে ৷
![ত্ৰিপুৰাত কুঁৱাৰ ভিতৰত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ SUSPECTED RAPE AND MURDER AT TRIPURA.](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6960240-thumbnail-3x2-tripura.jpg)
ত্ৰিপুৰাত কুঁৱাৰ ভিতৰত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ
ত্ৰিপুৰাত কুঁৱাৰ ভিতৰত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ
ইতিমধ্যে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ভাৱে প্ৰেৰণ কৰিছে ৷ অন্যহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে উচ্চ পৰ্যায়ৰ তদন্ত ৷ ত্ৰিপুৰা আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন যুৱকক আটক কৰিছে । সম্প্ৰতি এই ঘটনাৰ ফলত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ আৰক্ষীৰ তদন্তৰ পাছতহে এই ঘটনাৰ প্ৰকৃত ৰহস্য় পোহৰলৈ আহিব ৷
লগতে পঢ়ক : ক্ৰমাৎ সুস্থ হ'বলৈ ধৰিছে ভাৰতবৰ্ষঃ ড০ হৰ্ষ বৰ্ধন