অসম

assam

ETV Bharat / jagte-raho

উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বজাৰ

ভাৰত-বাংলা সীমান্তৱৰ্তী অসমৰ নিলামবাজাৰত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ আৰক্ষীৰ সন্মুখতে গৰু ব্যৱসায়ীয়ে চলাই নিছে এইখন বজাৰ ৷ কৰিমগঞ্জৰ পৰা আমিৰুল আলম ছিদ্দিকীৰ বিশেষ প্ৰতিবেদন ৷

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বজাৰ

By

Published : Jul 24, 2019, 4:42 PM IST

কৰিমগঞ্জ,24 জুলাইঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং বজাৰ ৷ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলা সীমান্তৰ সমীপৰ নিলামবাজাৰ আৰক্ষী চকীৰ অন্তৰ্গত গান্ধাই এলেকাত আছে এইখন গৰুৰ বজাৰ ৷ ভাৰত-বাংলা সীমান্তৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দুৰত্বত অৱস্থিত এইখন বজাৰৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা হয় অতিৰিক্ত কৰ ৷ উল্লেখ্য যে,দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ে ভাৰতৰ সীমাৰ 20 কিলোমিটাৰ পৰিসৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি উল্লেখ কৰিছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশ অমান্য় কৰি চলি আছে অবৈধ গৰুৰ বজাৰ ৷ গান্ধাই পঞ্চায়তৰ ৰচিদ ব্যৱহাৰ কৰি চলি থকা এই বজাৰখনৰ পৰা এটা গৰুৰ বিপৰীতে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ লগতে প্ৰতিখন ৰচিদ 50 টকা মূল্য়ত বিক্ৰী হৈ আছে ৷ গান্ধাই পঞ্চায়তে নিয়ম বৰ্হিভূতভাৱে প্ৰদান কৰা এই ৰচিদৰ সহায়ত নিশাৰ ভিতৰতে গৰু গৈ পায়গৈ বাংলাদেশ ৷ যাৰ ফলত দেশে প্ৰতিনিয়ত হেৰুৱাই আহিছে লাখ লাখ টকাৰ বৈদেশিক বাণিজ্য কৰ ৷ কিদৰে সীমান্তত অবৈধভাৱে চলি আহিছে গৰুৰ বজাৰ তাৰ সকলো দৃশ্য বন্দী হৈছে একমাত্ৰ ETV BHARAT অসমৰ কেমেৰাত ৷ চাওক আমাৰ এই প্ৰতিবেদন...

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বজাৰ

ABOUT THE AUTHOR

...view details