অসম

assam

ETV Bharat / jagte-raho

গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ - কুমাৰ সঞ্জিৎ কৃষ্ণ আৰু প্ৰশ্নকাকত ফাদিল

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থাকোতেই কুমাৰ সঞ্জিৎ কৃষ্ণই প্ৰশ্নকাকত ফাদিল কৰাত মূল ভূমিকা পালন কৰিছিল । পৰৱৰ্তী সময়ত তেওঁক জিলাখনৰ পৰা বদলি কৰি বৰপেটাস্থিত বিদেশী পঞ্জীয়কৰ আঞ্চলিক কাৰ্য্যালয়ৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল ৷

গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ
গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ

By

Published : Oct 16, 2020, 6:50 AM IST

গুৱাহাটী, 15 অক্টোবৰ : অসম আৰক্ষীৰ প্ৰশ্নকাকত কেলেংকাৰীৰ অন্যতম অভিযুক্ত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণক বৃহস্পতিবাৰে নিশা চিআইডিয়ে গ্ৰেপ্তাৰ কৰে । মঙলবাৰৰ নিশাৰে পৰা একপ্ৰকাৰ পলাতক হৈ থকা কুমাৰ সঞ্জিৎ কৃষ্ণ বৃহস্পতিবাৰে দিনৰ প্ৰায় এঘাৰ বজাত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত হাজিৰ হয় । আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ প্ৰায় আঠ ঘন্টা সময়ৰ জেৰাৰ অন্তত চিআইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :ক'লৈ গ'ল সদ্য অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ?

গ্ৰেপ্তাৰৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়াজনক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ । তাৰ পিছত তেওঁক নিশাই চিআইডিৰ কাৰ্যালয়লৈ নিয়া হয় । শুকুৰবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব । উল্লেখযোগ্য যে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থাকোতেই কুমাৰ সঞ্জিৎ কৃষ্ণই প্ৰশ্নকাকত ফাদিল কৰাত মূল ভূমিকা পালন কৰিছিল । পৰৱৰ্তী সময়ত তেওঁক জিলাখনৰ পৰা বদলি কৰি বৰপেটাস্থিত বিদেশী পঞ্জীয়কৰ আঞ্চলিক কাৰ্য্যালয়ৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক :ডিজিপি কাৰ্যালয়ত উপস্থিত পলাতক সঞ্জিত কৃষ্ণ

ABOUT THE AUTHOR

...view details