টিংখাং, 25 নৱেম্বৰঃদেওবাৰে নিশা ডিব্ৰুগড়ৰ জিলাৰ টিংখাংস্থিত কাকৱনী ব্লক গাঁৱত সংঘটিত হয় এটা নৃশংস হত্যাকাণ্ড ৷ একেটা পৰিয়ালৰে এজন সদস্যই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে মাক আৰু ভায়েকক ৷
প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা উক্ত পৰিয়ালটোৰ বাসগৃহত পাৰিবাৰিক কন্দলৰ সৃষ্টি হৈছিল ৷ যাৰ পৰিণতিত বাবলু মাঝি নামৰ লোক জনে তেওঁৰ মাতৃ আশামণি মাঝি আৰু ভাতৃ বিজয় মাঝিক চোকা অস্ত্ৰৰে আক্ৰমণ চলায় ৷ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ বাবে ঘটনাস্থলীতে মৃত্যু হয় মাতৃ-পুত্ৰৰ ৷