বঙৰাত একেদিনাই তিনিটাকৈ মন্দিৰত চুৰি
শুকুৰবাৰে নিশা বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভূজ সত্ৰ,শিৱ মন্দিৰৰ লগতে ব্যক্তিগত ঘৰৰ মন্দিৰত চোৰে লুটপাত চলায় ৷
দক্ষিণ কামৰূপ, 8 জুনঃ দক্ষিণ কামৰূপৰ বঙৰাত একেদিনাই চোৰে লুটিলে তিনিটাকৈ মন্দিৰ ৷ শুকুৰবাৰে নিশা বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা আমৰতলৰ শ্ৰী শ্ৰী চতুৰ্ভূজ সত্ৰ,শিৱ মন্দিৰৰ লগতে ব্যক্তিগত ঘৰৰ মন্দিৰত চোৰে লুটপাত চলায় । চতুৰ্ভূজ সত্ৰৰ পৰা বিগ্ৰহৰ ডিঙিৰ সোণ-ৰূপৰ আ-অলংকাৰ,কাঁহৰ ৩ যোৰ তাল,শৰাই,গামোছা আদিকে ধৰি নগদ ধন লৈ যায় পলায়ন কৰে চোৰ ৷ আনহাতে শিৱ মন্দিৰৰ পৰাও দানপাত্ৰ ভাঙি নিয়াৰ লগতে বহুতো আ-অলংকাৰ লুটি নিয়ে ধৃত চোৰকেইটাই ৷ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷