অসম

assam

ETV Bharat / jagte-raho

আগে-আগে চোৰ পাচে-পাচে পুলিচঃ গোলাঘটত পুলিচৰ বিলৈ

একেটা সন্ধিয়াতে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই কৰা চোৰৰ এই অতপালিয়ে চিন্তিত কৰিছে গোলাঘাট বাসীক । চোৰ পুলিচৰ এই লুকা-ভাকু খেলৰ পৰিণাম ভোগ কৰিব লগা হৈছে সাধাৰণ জনতাই

By

Published : May 25, 2019, 10:51 PM IST

Updated : May 25, 2019, 11:15 PM IST

চোৰৰ অতপালিয়ে টোপনি হৰিছে গোলাঘাট আৰক্ষীৰ

গোলাঘাট, 25 মে': গোলাঘাট নগৰত চোৰৰ সন্ত্ৰাস । চোৰৰ অতপালিত টোপনি হৰিল আৰক্ষী আৰু গৃহস্থৰ । শুকুৰবাৰে সন্ধিয়া প্ৰায় দুঘণ্টা সময়ৰ ভিতৰত চাৰিটা ঘৰত প্ৰৱেশ কৰে চোৰে । উল্লেখ্য যে, গোলাঘাট চন্দন নগৰৰ বাসিন্দা তথা সাংবাদিক ঋতুৰাজ বৰুৱাৰ AS_05_L_4525 নম্বৰৰ এনফিল্ড বুলেট খনৰ হেণ্ডেলৰ তলা ভঙা দৃশ্য বন্দী হৈ ৰল চি চি টি ভি কেমেৰাত । অৱশ্যে ঋতুৰাজৰ বুলেট খন নিব নোৱাৰিলে চোৰে । তলা ভাঙি কিছূ দূৰ চোচৰাই নিয়াৰ পিছতে এৰি থৈ পলায়ন কৰে চোৰ । ঋতুৰাজৰ ঘৰত আৰক্ষীয়ে তদন্ত চলাই থকা অৱস্থাতে কিছু দূৰত অৱস্থিত বিমান বৰাৰ ঘৰৰ চোতালৰ পৰাই চুৰি কৰি নিলে তেওঁৰ AS_05_K_3709 নম্বৰৰ বুলেট খন ।

চোৰৰ অতপালিয়ে টোপনি হৰিছে গোলাঘাট আৰক্ষীৰ

বাইক লৈ চোৰ উধাও হোৱা খবৰ লাভ কৰি পুনৰ গোলাঘাট আৰক্ষীয়ে বিমান বৰাৰ ঘৰৰ পৰা মটৰ চাইকেল চুৰি কৰা ঘটনাৰ তদন্ত চলাবলৈ যোৱাৰ সময়তে ধনশিৰি পাৰৰ পাৰ্থ প্ৰতীম হাজৰিকাৰ ঘৰত চোৰৰ প্ৰৱেশ । অৱশ্যে পাৰ্থ প্ৰতীমৰ NL_07_R_7575 নম্বৰৰ বুলেট খনৰো তলা ভাঙি চোৰে নিবলৈ চেষ্টা কৰে যদিও বিফল হয় । ঠিক সেই সময়তে মিশ্যনপট্ৰিৰ জি, সাহাৰ ঘৰত চোৰৰ প্ৰৱেশ । সাহাৰ AS_05_L_1600 নম্বৰৰ বুলেটখন লৈ উধাও হয় চোৰ । একেটা সন্ধিয়াতে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই কৰা চোৰৰ এই অতপালিয়ে চিন্তিত কৰিছে গোলাঘাট বাসীক । চোৰ পুলিচৰ এই লুকা ভাকু খেলৰ পৰিণাম ভোগ কৰিব লগা হৈছে সাধাৰণ জনতাই ৷

Last Updated : May 25, 2019, 11:15 PM IST

ABOUT THE AUTHOR

...view details