চিৰাং, 3 জুনঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দেউশ্ৰীৰ বৰ্মনপাৰাত পুনৰ পোহৰলৈ আহিছে কন্যা শিশু ধৰ্ষণৰ ঘটনা ৷ দেওবাৰে নিশাৰ ভাগত পোহৰলৈ অহা এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া আঠ বছৰীয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি পলাতক অৱস্থাত আছিল জীৱন ছেত্ৰী (৪৪) নামৰ অভিযুক্ত ৷ পৰৱৰ্তী সময়ত স্থানীয় একাংশ প্ৰভাৱশালী লোকৰ হতুৱাই মাত্ৰ তিনি হেজাৰ টকাৰ জৰিমনাৰে সমগ্ৰ ঘটনাটো লুকুৱাবলৈ চেষ্টা চলাইছিল যদিও আক্ৰাছুৰ একাংশ সদস্যই পোহৰলৈ আনে এই সমগ্ৰ ঘটনা ৷
চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী - কন্যা শিশু ধৰ্ষণ
শুকুৰবাৰে সন্ধিয়া এগৰাকী আঠ বছৰীয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি পলাতক অৱস্থাত আছিল জীৱন ছেত্ৰী (৪৪) নামৰ লোকজন ৷ দেওবাৰে নিশা নিৰ্যাতিত ছাত্ৰীগৰাকীৰ পৰিয়ালে জীৱন ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল শান্তিপুৰ আৰক্ষী চকীত । গোচৰ ৰুজু কৰাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জীৱন ছেত্ৰীক
চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী
উল্লেখ্য যে, আক্ৰাছুৰ সহযোগত দেওবাৰে নিশা নিৰ্যাতিত কন্যাৰ পৰিয়ালে জীৱন ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল শান্তিপুৰ আৰক্ষী চকীত । গোচৰ ৰুজু কৰাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰুণীখাতা থানালৈ লৈ আহে অভিযুক্ত জীৱন ছেত্ৰীক । দেউশ্ৰী বৰ্মনপাৰাৰ এই শিশু ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কাৰণ ধাৰাবাহিকভাৱেই অঞ্চলটোত পোহৰলৈ আহিছে এটাৰ পিচত আনটো শিশু ধৰ্ষণৰ ঘটনা ৷
আৰু পঢ়কঃ দৰঙৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড