গোলাঘাট,30 আগষ্টঃ গোলাঘাটত আৰক্ষীয়ে ৬ টাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত চোৰ কেইটাৰ পৰা বহু লাখ টকাৰ চুৰি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
গোলাঘাটত আৰক্ষীৰ জালত চুৰি সামগ্ৰী সহ ৬ টা গভাইত চোৰ গোলাঘাট চহৰত দীৰ্ঘদিন ধৰি চোৰে আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল চুৰি কাৰ্য ৷ ইফালে বিভিন্ন চুৰি কাণ্ডৰ সৈতে জড়িত 6 টাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে । ধৃত চোৰ কেইটাই দৈনিক শ্ৰমিকৰ বেশেৰে গোলাঘাট নগৰৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাবে চুৰিকাণ্ড সংঘটিত কৰি আহিছিল ।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে গোলাঘাটৰ তপন নগৰৰ বাসিন্দা নিখিল চক্ৰৱৰ্তীৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান । প্ৰথমে শ্ৰমিক ৰূপে কাম কৰিবলৈ গৈ চল চাই আহিছিল গৃহস্থৰ পৰিৱেশ । পিছত সোণ, ৰূপ, নগদ ধন, ইলেক্ট্ৰনিকচ সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিছিল চোৰৰ দলটোৱে । উক্ত ঘটনাটো আৰক্ষীক অৱগত কৰে গৃহস্থই ৷ পিছত আৰক্ষীয়ে এই চুৰিকাণ্ডৰ লগত জড়িত ৬ টাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰ কেইটা হ'ল অনিকেট কুমাৰ, প্ৰকাশ তাঁতী, উৎপল দাস, ছাহিদুল আলি, ৰাজা শইকীয়া, ইনামুল হক । উক্ত চুৰিকাৰ্যৰ লগত জড়িত মূল অভিযুক্ত দুটা চোৰ বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । লগতে ধৃত চোৰ কেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি কৰি নিয়া বিভিন্ন সা-সামগ্ৰী ।
উল্লেখ যোগ্য যে, ধৃত চোৰ কেইটা কেইবাবাৰো চুৰি কাৰ্যত জড়িত হৈ জেলৰ ভাত খাবলগীয়া হৈছিল যদিও পুনৰ সেই একে কেইজন চোৰেই আকৌ চুৰি কাণ্ড সংঘটিত কৰিছে বুলি আৰক্ষীয়ে সাংবাদিকৰ আগত মন্তব্য কৰিছে ৷ গতিকে এইবাৰ ধৃত চোৰ কেইটাক আৰক্ষীয়ে পুনৰ কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়াই হ'ব লক্ষণীয় ।
লগতে পঢ়ক-জালুকবাৰী আৰক্ষীৰ জালত গভাইত চোৰৰ দল