গুৱাহাটী,8 অক্টোবৰ: গুৱাহাটী মহানগৰীৰ এগৰাকী হৃদয়হীন মাতৃৰ পাশৱিক কাণ্ড । ভৰলুমুখ নিবাসী তিনি সন্তানৰ এগৰাকী মাতৃয়ে পুনৰ কন্যা সন্তান জন্ম দিয়াৰ বাবে 6 মহীয়া সন্তানটিক এজন অজ্ঞাত ব্যক্তিৰ হাতত গতাই দিয়ে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষীৰ সহায় বিচাৰি ভৰলুমুখ আৰক্ষীৰ কাষ চাপে মহিলাগৰাকীৰ স্বামীয়ে ।
নিজ মাতৃয়ে অজ্ঞাত ব্যক্তিক গতালে ছমহীয়া সন্তানক
মহানগৰীৰ ভৰলুমুখৰ তিনি সন্তানৰ এগৰাকী মাতৃয়ে 6 মহীয়া কন্যা সন্তানক গতাই দিয়ে এজন অজ্ঞাত ব্যক্তিৰ হাতত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি শিশুটিৰ সন্ধানত নামি পৰা বুলি জানিব পৰা গৈছে ৷
6 মহীয়া কন্যা সন্তানক অজ্ঞাত ব্যক্তিৰ হাতত গতালে এগৰাকী মাতৃয়ে
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি শিশুটিৰ সন্ধানত নামি পৰিছে যদিও বৰ্তমানো আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰা নাই । সেয়েহে সংবাদ মাধ্যমৰ সহায় বিচাৰিছে ভৰলুমুখ আৰক্ষীয়ে ।
লগতে পঢ়ক:নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে বড়োভূমিৰ নাম সলনি কৰাত ক্ষুব্ধ কংগ্ৰেছ