শিৱসাগৰত নৃশংস হত্যাকাণ্ড: স্বামীৰ হাতত প্ৰাণ গ'ল মহিলাৰ
পাৰিবাৰিক কন্দলৰ পৰিণতিত স্বামীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই ৷ শিৱসাগৰ জিলাৰ হাঁহচৰাত ঘৰৰ ভিতৰতে স্বামীয়ে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে পত্নীক
শিৱসাগৰ,1 নৱেম্বৰ: শিৱসাগৰ জিলাৰ হাঁহচৰা ভাধৰা গাঁৱত সংঘটিত হৈছে এক নৃসংশ হত্যাকাণ্ড ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত পুনৰ স্বামীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই ৷ ঘটনা অনুসৰি হাঁহচৰা ভাধৰা গাঁৱৰ স্বামী-স্ত্ৰী ভূপেন ফুকন আৰু অঞ্জনা ফুকনৰ মাজত পাৰিবাৰিক কন্দলৰ ফলস্বৰূপে বিগত কেইবাদিনো ধৰি কাজিয়া সংঘটিত হৈ আছিল ৷ কিন্তু বৃহস্পতিবাৰে নিশা দুয়োৰে মাজৰ কাজিয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত অভিযুক্ত পতি ভূপেন ফুকনে নিজ পত্নী অঞ্জনা ফুকনক ঘৰৰ ভিতৰতে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷ ঘটনাৰ পাছতে স্থানীয় চেৰেকাপাৰ আৰক্ষীয়ে হত্যাকাৰী ভূপেন ফুকনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও হত্যাকাৰী ভূপেন ফুকনে কাজিয়াৰ পৰিণতিত পত্নীৰ গাত কেৰাচিন ঢালি জ্বলাই দিছিল য'ত কথমপি পত্নীৰ প্ৰাণ ৰক্ষা পৰিছিল ৷ এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷