অসম

assam

ETV Bharat / jagte-raho

কি দিন কি ৰাতি ইটোৰ পিচত সিটো চুৰি! - শিলচৰত দিন দুপৰতে চুৰি কাণ্ড

দিনৰ প্ৰায় এক বজাত দুই বাইক আৰোহীয়ে ৰাজদেৱ সিং নামৰ এজন লোকৰ পৰা থপিয়াই নিয়ে সাত লাখ টকা আৰু ইয়াৰ কিছু সময়ৰ পিচতেই মুকেশ দাস নামৰ এজন লোকৰ পৰাও চোৰে থপিয়াই নিয়ে চাৰিলাখ টকা ৷ দিন দুপৰতে হোৱা এই চুৰিকাণ্ডই বৰ্তমান চিন্তিত কৰি তুলিছে অঞ্চলটোৰ সাধাৰণ জনতাক

শিলচৰত দিন দুপৰতে চুৰি কাণ্ড

By

Published : May 29, 2019, 9:08 PM IST

শিলচৰ, 29 মে': শিলচৰ চহৰৰ তাৰাপুৰ এলেকাত বুধবাৰে দিন দুপৰতে হোৱা চুৰিকাণ্ডই চিন্তিত কৰি তুলিছে অঞ্চলটোৰ সাধাৰণ জনতাক ৷ একেটা অঞ্চলৰ পৰাই দুই বাইক আৰোহীয়ে প্ৰথমে সাতলাখ টকা বলপূৰ্বক ভাৱে কাঢ়ি নিয়াৰ পিচতে পুনৰ চোৰে থপিয়াই নিয়ে চাৰিলাখ টকা ৷ ইয়াৰে এটা দুষ্কৃতিকাৰীক উত্তম মধ্যম দি স্থানীয় ৰাইজে দুই লাখ টকা উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে এখন বাইক ৷ পিচত ধৃত চোৰটোক গতাই দিয়া হয় তাৰাপুৰ টাউন আৰক্ষীক ৷ প্ৰাথমিক তদন্তত ধৃত চোৰটোৰ ঘৰ ঝাড়খণ্ডৰ ৰাঁচীত বুলি জানিব পৰা গৈছে ৷

শিলচৰত দিন দুপৰতে চুৰি কাণ্ড

আৰক্ষীয়ে জনোৱা মতে, দিনৰ প্ৰায় এক বজাত দুই বাইক আৰোহীয়ে শিলচৰৰ তাৰাপুৰ ষ্টেট বেংকৰ সমীপৰ পৰা ৰাজদেব সিং নামৰ এজন লোকৰ পৰা থপিয়াই নিয়ে সাত লাখ টকা আৰু ইয়াৰ কিছু সময়ৰ পিচতেই শিলচৰৰ আৱৰ্ত ভৱনৰ সন্মুখৰ পৰাই মুকেশ দাস নামৰ এজন লোকৰ পৰাও চোৰে থপিয়াই নিয়ে চাৰিলাখ টকা ৷ পিচত স্থানীয় জনতাই দুই লাখ টকা সহ এটা চোৰক আটক কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও পলাতক আনটো চোৰ ৷
লগতে পঢ়কঃ পঞ্চমবাৰলৈ ওড়িশাৰ মুখ্যমন্ত্ৰী আসনত নবীন পাটনায়ক

ABOUT THE AUTHOR

...view details