কাছাৰ,29আগষ্টঃ যোৱা ৬ আগষ্টৰ নিশা কাছাৰ জিলাৰ নতুন বজাৰত কাছাৰ বন বিভাগে মিজোৰামৰ পৰা অহা As01Fc 8256, NL01Ac 0685 আৰু NL01Ad 5612 নম্বৰৰ তিনিখন অবৈধ চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ এই জব্দকৃত তিনিখন গাড়ীৰ পৰা ২০ লাখ টকাৰ প্ৰায় চাৰি হাজাৰ CFT কাঠ জব্দ কৰিছিল বনবিভাগে ৷ উল্লেখ্য যে গুৱাহাটীৰ বিজয় আগৰৱালা নামৰ এজন লোকৰ কাঠসমূহ কঢ়িয়াই অনা ট্ৰাককেইখন মিজোৰামৰ পৰা গুৱাহাটী যোৱাৰ কথা আছিল ৷ কিন্তু ৰহস্যজনক ভাবে ১২ লাখ টকাৰ বিনিময়ত এই তিনিখন ট্ৰাক এৰি দিয়াৰ এক অভিযোগ উঠিছে ডিএফঅ' সানি দেও চৌধুৰীৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপন কৰিছে বিজয় আগৰৱালাৰ এজন ঘনিষ্ঠই ৷ তেওঁৰ অভিযোগ অনুসৰি তিনিখন ট্ৰাক এৰি দিয়াৰ বাবদ ডিএফঅ' চৌধুৰীয়ে ১৫ লাখ টকা দাবী কৰে ৷ কিন্তু তেওঁ বিজয় আগৰৱালাৰ নিৰ্দেশত 12 লাখ টকাতে তিনিওখন ট্ৰাক এৰি দিয়াৰ বাবে ডিএফঅ' চৌধুৰীক মান্তি কৰায় ৷ ইপিনে এই টকা দিয়াৰ পাচতো ডিএফঅ' চৌধুৰীয়ে এই পৰ্যন্ত জব্দকৃত গাড়ীকেইখন এৰি নিদিয়াৰ অভিযোগ তুলিছে লোকজনে ৷
টকাৰ বিনিময়ত জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে - কাছাৰ
কাছাৰ ডিএফঅ' সানি দেও চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ ১২ লাখ টকাৰ বিনিময়ত বন বিভাগে জব্দ কৰা তিনিখন চেগুন কাঠ ভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ ডিএফঅ' চৌধুৰীৰ বিৰুদ্ধে ৷
![টকাৰ বিনিময়ত জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4276524-thumbnail-3x2-k.jpg)
জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে
জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে
আনহাতে এই সমস্ত অভিযোগ অস্বীকাৰ কৰি কাছাৰৰ ডিএফঅ' সানি দেও চৌধুৰীয়ে কয় এই সমস্ত অভিযোগ মিছা আৰু ভিত্তিহীন ৷ বহুবাৰ এনে অবৈধ কাঠ তেওঁ জব্দ কৰাৰ পিচত বহুতে তেওঁৰ বিৰুদ্ধে এনে মিছা অভিযোগ তুলিছে ৷ পিচে কোন সঁচা, কোন মিছা এই সমস্ত কথা পোহৰলৈ আহিব তদন্তৰ পাচতহে ৷