গুৱাহাটী, 12 জুন :নুনমাটিত দিন দুপৰতে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । এজন যুৱকে চুৰিৰে আন এজন যুৱকক ডিঙি ৰেপি নৃশংসভাবে হত্যা কৰে । ইতিমধ্যে এই হত্যাকাণ্ডত জড়িত মূল অভিযুক্ত হুছেইন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
দিনৰ পোহৰতে নুনমাটিত নৃংশস হত্যাকাণ্ড - হুছেইন আলীৰ চুৰিকাঘাতত নিহত ঋতুপৰ্ণ পেগু
সামান্য এখন মেজক লৈ সৃষ্টি হোৱা কাজিয়াৰ ফলতে দিন-দুপৰতে গুৱাহাটী মহানগৰীত এজনক চুৰিকাঘাত কৰি হত্যা ৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী হুছেইন আলীক গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখ্য যে, ছিলাপথাৰৰ চান্দমাৰীৰ নিবাসী ঋতুপৰ্ণ পেগুৱে গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপতে ভাৰাতীয়া হিচাপে পৰিয়ালসহ থাকি গাড়ীচালকৰ কাম কৰি আছিল । প্ৰতক্ষদৰ্শী জনোৱা অনুসৰি অনুসৰি দুয়োৰে মাজত এখন মেজক লৈ প্ৰথমে প্ৰচণ্ড মাৰপিট সংঘটিত হয় । তাৰ মাজতে হুছেইন আলীয়ে সমীপতে থকা ঘৰলৈ দৌৰি গৈ এখন চুৰি আনি ঋতুপৰ্ণ পেগুক ডিঙিত ৰেপি দিয়ে । ফলত ঘটনাস্থলীতে ঋতুপৰ্ণৰ মৃত্যু ঘটে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃবাঘজানৰ তৈলখাদ পৰিদৰ্শন বিশেষজ্ঞৰ দলৰ