অসম

assam

ETV Bharat / jagte-raho

ডকাইতি কৰি থকাৰ সময়তে পাঠশালা কেন্দুগুৰিত ৰাইজৰ জালত দুৰ্ধৰ্ষ ডকাইত

As 15 k 7781 পঞ্জীয়নভুক্ত দুচকীয়া বাহনসহ আটক ডকাইতটো ৷ আন দুজন ডকাইত পলাই যাবলৈ সক্ষম ৷ কেন্দুগুৰি-কৰ্দৈগুৰিৰ নিৰ্জন পথত পথচাৰীক আগচি ডকাইতি কৰিছিল দলটোৱে ৷ বিগত সময়চোৱাত প্ৰায়েই সংঘটিত হৈ আহিছে তেনে ডকাইতি ঘটনা ৷

By

Published : Aug 25, 2020, 4:49 AM IST

পাঠশালা কেন্দুগুৰিত ৰাইজৰ জালত দুৰ্ধৰ্ষ ডকাইত
পাঠশালা কেন্দুগুৰিত ৰাইজৰ জালত দুৰ্ধৰ্ষ ডকাইত

পাঠশালা, 25 আগষ্ট :সোমবাৰে নিশা প্ৰায় 10:30 বজাত পাঠশালা কেন্দুগুৰিত ৰাইজৰ হাতত এজন দুৰ্ধৰ্ষ ডকাইত ধৰা পৰে ৷ ঘটনাৰ সৈতি জড়িত আন দুজন ডকাইত পলাই যাবলৈ সক্ষম হয় ৷ পলাতক ডকাইত দুজনৰ আক্ৰমণত দুজনকৈ যুৱক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগীয়া হয় l

প্ৰাপ্ত ঘটনা অনুসৰি কেন্দুগুৰিৰ এজন ব্যৱসায়ীয়ে দোকান বন্ধ কৰি ঘৰমূৱা হওঁতে কেন্দুগুৰি-কৰ্দৈগুৰি গড়কাপ্তানি পথত তিনিজনীয়া ডকাইতৰ দলে দেগাৰ দেখুৱাই ডকাইতি কাণ্ড সংঘটিত কৰে ৷ এনে ঘটনাৰ পিছতে ডকাইতিৰ দলটোৰ সন্মুখীন হোৱা ব্যৱসায়ীজনে সুযোগ বুজি ফোনযোগে কেন্দুগুৰিৰ সতীৰ্থক জনাই দিয়ে ৷ লগে লগে বহু যুৱকে আগভেটি এখন pulsur বাইকত অহা তিনিজনীয়া ডকাইতৰ দলটোক আগুৰি ধৰে ৷ তেনে পৰিস্থিতিত দুজন ডকাইতে দেগাৰেৰে দুজন যুৱকক আক্ৰমণ কৰি আহত কৰি পলাই যাবলৈ সক্ষম হয় ৷ ৰাইজে ধৃত ডকাইত জনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি পাঠশালা আৰক্ষীক গতাই দিয়ে ৷ ডকাইতৰ হাতত আহত হোৱা দুই যুৱক দিগন্ত পাটগিৰি আৰু নিতুল তালুকদাৰ চিকিৎসাধীন হ'ব লগাত পৰে যদিও দুয়ো সম্প্ৰতি বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷

পাঠশালা কেন্দুগুৰিত ৰাইজৰ জালত দুৰ্ধৰ্ষ ডকাইত

উল্লেখযোগ্য যে বিগত কেইদিনমানৰ পৰা বজালীৰ ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেন্দুগুৰিৰ সমীপত সংঘটিত হৈ আহিছে কেবাটাও ডকাইতি ঘটনা ৷ আনকি সোমবাৰে নিশা ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ সন্ধানত SSBৰ জোৱানে পহৰাও দিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃআৰক্ষীৰ জালত ধৃত মটৰচাইকেল চোৰ

ABOUT THE AUTHOR

...view details