তামুলপুৰ,27 জুলাই : গোৰেশ্বৰৰ 2নং ৰৌমাৰীৰ মছজিদত নিশা লুটপাত কৰিলে দুৰ্বৃত্তই । তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ 2নং ৰৌমাৰীৰ মছজিদত যোৱা নিশা কোনো দুৰ্বৃত্তই লুটপাত চলাই লৈ যায় দান পাত্ৰ। মছজিদত থকা কোৰাণ-ছৰিফকে ধৰি বহু মূল্যৱান সামগ্ৰীৰ ক্ষতি সাধন কৰি মছজিদৰ মজিয়াত বিস্তাও ত্যাগ কৰে দুৰ্বৃত্তই ।
গাৱঁৰ ৰাইজৰ বক্তব্যত অনুসৰি বিগত তিনি বছৰ ধৰি ঈদৰ আগমুহুৰ্তত এনেদৰে মছজিদটোত কোনো দুৰ্বৃত্তই এনেদৰে লুটপাত চলাই আহিছে । মছজিদৰ দানপাত্ৰটো প্ৰতি বছৰ ঈদৰ কুৰ্বাণীৰ পিছত খোলা হয়,বছৰটো ৰাইজে নামাজ পঢ়িবলৈ আহি দানপাত্ৰটোত কিছু দান দি থৈ যায় । এনেদৰে দান দিয়াৰ পৰিপ্ৰেক্ষিতত বহু ধন জমা হয় যদিও আজি তিনিবছৰে এই ধন দুৰ্বৃত্তই লুটি নি আছে ।