গুৱাহাটী, 25 জুলাইঃমহানগৰীৰ গীতা নগৰত ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ মাজত সংঘাতৰ সৃষ্টি হয়। ঘৰ ভাড়া নিদিয়াক কেন্দ্ৰ কৰি ঘৰৰ মালিকে প্ৰহাৰ কৰিলে ভাড়াতীয়াক ।
গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত গীতানগৰৰ ঘোঁৰামাৰা সত্ৰ পথত ঘৰভাড়া নিদিয়াক কেন্দ্ৰ কৰি মালিক আৰু ভাড়াতীয়াৰ মাজত সংঘটিত হয় এটা মাৰপিটৰ ঘটনা। ভাড়াতীয়া মহিলা গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে,যোৱা জানুৱাৰী মাহত মহিলা গৰাকীয়ে স্বামী সঞ্জীৱ দাস আৰু পুত্ৰ সহিতে গীতা নগৰৰ ঘোঁৰা মাৰা পথৰ ঘৰ নম্বৰ 10ৰ বাসিন্দা ৰাজু সেন নামৰ লোক জনৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল ৷ ইতিমধ্যে লক ডাউনৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈছিল সঞ্জীৱ দাসৰ পৰিয়ালটোৰ । লক ডাউন মাজতেই যোৱা দুমাহ ধৰি ঘৰৰ মালিকক ভাড়া আদায় দিব পৰা নাছিল ভাড়াতীয়া পৰিয়াল টোৱে। উক্ত ঘটনাটোৰ বাবে ঘৰৰ মালিক ৰাজু সেন ক্ষুব্ধ হৈ পৰে। লগতে ঘৰ ভাড়া আদায় নিদিয়াৰ বাবে পানীৰ সংযোগ বন্ধ কৰি দিয়ে পৰিয়ালটোক ৷