অসম

assam

By

Published : Dec 21, 2020, 4:41 PM IST

ETV Bharat / jagte-raho

শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ

বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ফাঁচীৰ নিৰ্দেশ দিলে শিশু ধৰ্ষণকাৰীক ।

শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ
শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ

বিশ্বনাথ ২১ ডিচেম্বৰ :সঘনাই দেশত এতিয়া বলাৎকাৰ, ধৰ্ষণ, নিৰ্যাতনৰ ঘটনাই তোলপাৰ লগোৱা মাজতে সমান্তৰালকৈ আন আন ৰাজ্যৰ লগতে অসমতো এনে ঘটনাৰ বহুত গুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । কিন্তু বিভিন্ন সময়ত ধন-বল, বাহু-বল, সাক্ষীৰ অভাৱত অপৰাধীবোৰ আইনৰ পৰা সাৰি যায় আৰু ভুক্তভোগী পৰিয়ালে নাপায় উপযুক্ত ন্যায় । কিন্তু সোমবাৰে তাৰ ব্যতিক্ৰমী খবৰ দিলে বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ।

শিশু ধৰ্ষণকাৰী মংগল পাইক

২০১৮ চনত ৰুজু হোৱা এটা শিশু বলাৎকাৰত অভিযুক্ত অপৰাধীক সোমবাৰে ফাঁচীৰ নিৰ্দেশ দিয়ে বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে । বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ফাঁচীৰ নিৰ্দেশ দিছে শিশু বলাৎকাৰ কৰি হত্যা কৰা মংগল পাইক নামৰ লোকজনক ।

উল্লেখযোগ্য যে, ২০১৮ চনত মংগল পাইকে বলাৎকাৰ কৰি এটি ৫ বছৰীয়া শিশুক হত্যা কৰিছিল ৷ বিশ্বনাথ জিলা আৰক্ষী অধীনৰ চতিয়া থানাত ২০৬/১৮ নম্বৰত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু হৈছিল ৷ শোণিতপুৰৰ লখৰা বুঢ়াগাঁৱৰ মংগল পাইক আহিছিল আলহী খাবলৈ বিশ্বনাথৰ দিকৰাই চাহ বাগিছালৈ ৷ আলহী খাবলৈ আহি আত্মীয়ৰ ঘৰত থাকি এটি শিশুক বিভিন্ন প্ৰলোভন আৰু বিস্কুট দি বলাৎকাৰ কৰি হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল মংগলে ।

শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ

ইফালে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলি থকা উক্ত গোচৰৰ বিচাৰৰ অন্তত সোমবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশ বিচাৰপতি দীপাংকৰ বৰাৰ আদালতে পকচ' আইনৰ অধীনত ১/২০১৯ গোচৰত ৩৬৪/ ৩৭৬,(A) 6 of পকচ’ আৰু ৩০২/২০১ ধাৰাৰ অধীনত ফাঁচীৰ ৰায়দান দিয়ে ।

লগতে পঢ়ক :দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details