অসম

assam

ETV Bharat / jagte-raho

যমুনামুখত কিশোৰীক যৌন নিৰ্যাতন 2 যুৱকৰ

যমুনামুখত জঘন্য ঘটনা । ওৰে নিশা কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ দুই যুৱকৰ বিৰুদ্ধে। এজাহাৰ দিয়াৰ চাৰিদিন পিছতো আৰক্ষীয়ে নকৰিলে স্বাস্থ্য পৰীক্ষা ৷

By

Published : Jun 4, 2019, 6:21 PM IST

যমুনামুখত দুই যুৱকৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ

নগাঁও, 4 জুনঃ যমুনামুখত পোহৰলৈ আহিছে কিশোৰী ধৰ্ষণৰ জঘন্য ঘটনা ৷ শুকুৰবাৰে যমুনামুখৰ এগৰাকী কিশোৰীক মুখত সোপা দি এগৰাকী মহিলাৰ সহযোগত অপহৰণ কৰি নি ওৰে নিশাই যৌন নিৰ্যাতন চলায় দুই যুৱকে ৷ ঘটনা সংঘটিত হোৱাৰ পিচতেই কিশোৰীগৰাকীৰ পিতৃয়ে যুৱক দুজনৰ বিৰুদ্ধে যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও ঘটনাৰ চাৰিদিন পিচতো আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কেৱল সেয়াই নহয়,কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা নকৰাৰো অভিযোগ তুলিছে পিতৃয়ে ৷

যমুনামুখত দুই যুৱকৰ বিৰুদ্ধে কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ

আনকি এজাহাৰ দিয়া কিশোৰীগৰাকীৰ পিতৃকহে ওলোটাই আটক কৰি আৰক্ষীয়ে ধনৰ বিনিময়ত মোকলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে পৰিয়ালৰ নিজা খৰছত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে ।

ABOUT THE AUTHOR

...view details