অসম

assam

ETV Bharat / jagte-raho

অ-সামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি - অসামাজিক কাৰ্যত লিপ্ত

ৰঙিয়াত দেহ ব‍্যৱসায়ত জড়িত থকাৰ সন্দেহত মহিলাক গছত বান্ধি থোৱাৰ অভিযোগ। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ

অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি

By

Published : May 14, 2019, 8:26 PM IST

ৰঙিয়া, 14 মে': ৰঙিয়াত অনৈতিক কাৰ্যৰ বিৰুদ্ধে ক্ষুব্ধ মহিলাৰ ৰণচণ্ডী মূৰ্তি । অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি । মঙলবাৰে উদিয়ানাত অনৈতিক কাৰ্যত লিপ্ত থকাৰ অৱস্থাতে দুহাল পুৰুষ আৰু মহিলাক হাতে-লোটে ধৰে স্থানীয় মহিলা সকলে। কিন্তু চেগ বুজি পলায়ন কৰে এগৰাকী যুৱতী আৰু এজন যুৱক। এনে অসামাজিক কাৰ্য চলি থকাৰ অভিযোগত ক্ষুন্ন হৈ পৰে গাঁওবাসী ।

অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি

উত্তেজিত মহিলাসকলে অভিযুক্ত মহিলাগৰাকীক এডাল গছত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান কৰে । আনকি একাংশ‌ই প্ৰহাৰো কৰে মহিলাগৰাকীক । আনহাতে অনৈতিক কাৰ্যত লিপ্ত এজন যুৱককো আটক কৰি লপা-থপা দিয়ে উত্তেজ্ঞিত ৰাইজে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ৰাইজৰ অভিযোগ দীৰ্ঘদিনৰ পৰা এই ঘৰটোত দেহ ব্যৱসায় চলি আহিছে।

কিন্তু এনেদৰে আইন হাতত তুলি লোৱা কিমান দূৰ সমিচীন আৰু কিমান দিনলৈ অসমত ৰাইজে এইদৰে নিজৰ হাতত আইন তুলি দোষী-নিৰ্দোষী বিচাৰ কৰি শাস্তি ধাৰ্য কৰিব সেইয়া এক চিন্তনীয় বিষয়!

ABOUT THE AUTHOR

...view details