অসম

assam

ETV Bharat / jagte-raho

যৌতুক দিব নোৱৰাৰ বাবেই মাকৰ পৰা কাঢ়ি ৰাখিলে সন্তানক - ৰঙিয়া

যৌতুকৰ বাবে এগৰাকী মাতৃৰ কোলাৰ পৰা কাঢ়ি লৈ গ'ল আঠমহীয়া সন্তানক । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে জালুকবাৰী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

যৌতুক দিব নোৱাৰাই কাল হ'ল এগৰাকী মহিলাৰ, স্বামী গৃহই কাঢ়ি থলে 8 মহীয়া সন্তান

By

Published : Jul 21, 2019, 3:07 PM IST

ৰঙিয়া,21জুলাইঃ ম'বাইলত প্ৰেম কৰি প্ৰেমিকৰ সৈতে পলায়ন কৰি বিয়াত বহালৈকে সকলো ঠিকেই আছিল ৷ কিন্তু সময় বাগৰাৰ লগে লগে দিনে নিশাই ম'বাইলত মৰম-চেনেহৰ কথা কোৱা প্ৰেমিক অঞ্জন কাকতিয়ে যৌতুক দাবীৰে পত্নীক আৰম্ভ কৰিলে নিৰ্যাতন । কিন্তু শনিবাৰে ঘটনাই চৰম সীমা অতিক্ৰম কৰিলে ৷ যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাৰ অপৰাধতে স্বামী অঞ্জন কাকতিয়ে উপৰ্যুপৰি আক্ৰমণ কৰি ৮ মহীয়া শিশুটিক কাঢ়ি ৰাখি ঘৰৰ পৰা উলিয়াই দিয়ে মহিলাগৰাকীক ।

যৌতুক দিব নোৱাৰাই কাল হ'ল এগৰাকী মহিলাৰ, স্বামী গৃহই কাঢ়ি থলে 8 মহীয়া সন্তান

পাচত প্ৰাণৰ মমতাত মহিলাগৰাকীয়ে আশ্ৰয় লয় ৰঙিয়াৰ জয়ন্তীপুৰত থকা মাতৃ গৃহত । উল্লেখ্য যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে জালুকবাৰী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

ABOUT THE AUTHOR

...view details