ৰহা, 5 নৱেম্বৰঃৰহাৰ থোকালা গাঁৱত মঙলবাৰে পুৱাই সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । জ্যোতিৰ্ময় চন্দনগিৰি নামৰ এজন টেট শিক্ষকক চুৰিৰে আক্ৰমণ কৰি ধন লুটৰ চেষ্টা চলালে গোবিন বৰদলৈ নামৰ এজন বন্ধুয়ে । ঘটনা অনুসৰি জ্যোতিৰ্ময় চন্দনগিৰি নামৰ টেট শিক্ষক জনৰ অতি ঘনিষ্ঠ গোবিন বৰদলৈনামৰ বন্ধুজনে সোমবাৰে শিক্ষকজনৰ ঘৰতে নিশা যাপন কৰিছিল। পাচত মঙলবাৰে পুৱা প্ৰায় চাৰি বজাত শুৱাৰ পৰা উঠি গোবিন বৰদলৈয়ে নিজ ঘৰলৈ যাবলৈ বুলি ওলাই পূৰ্বৰে পৰা বাথৰূমত লুকুৱাই থোৱা এখন চোকা চুৰি আনি টেট শিক্ষকজনক ডিঙিত লগাই চিঞৰ বাখৰ নকৰিবলৈ সকিয়াই দি ধন,এটিএম আদি বিচাৰে। কিন্তু টেট শিক্ষকজনে এটিএম আৰু ধন আদি দিবলৈ মান্তি নোহোৱাত গোবিন বৰদলৈয়ে চুৰিৰে আক্ৰমণ কৰে টেট শিক্ষকজনক। এই আক্ৰমণত বাধা প্ৰদান কৰাত টেট শিক্ষক জনক গোবিনে ডিঙি,হাত আদিত আঘাত কৰে। পাছত শিক্ষকজনে চিঞৰ বাখৰ কৰাত অন্য কোঠাত থকা শিক্ষয়িত্ৰী আৰু মাতৃ-ভগ্নী ওলাই আহি বাধা প্ৰদান কৰে যদিও গোবিন বৰদলৈ নামৰ বন্ধুজনে তেওঁলোককো শাৰীৰিক ভাৱে আক্ৰমণ কৰে । আনহাতে স্থানীয় লোক অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী গোবিন বৰদলৈ ।
ৰহাত বন্ধুক চুৰিৰে আঘাত কৰি ডকাইতিৰ চেষ্টা - ৰহাত বন্ধুক চুৰিৰে আঘাত কৰি ডকাইতিৰ চেষ্টা
ৰহা থোকোলা গাঁৱত চাঞ্চল্যকৰ কাণ্ড। নিশা যাপন কৰিবলৈ অহা বন্ধুয়ে চোকা অস্ত্ৰেৰে টেট শিক্ষকক আক্ৰমণ কৰি ধন লুটৰ চেষ্টা। বন্ধু আৰু পৰিয়ালবৰ্গক আক্ৰমণ কৰি পলায়ন আক্ৰমণকাৰী গোবিন বৰদলৈৰ ।
![ৰহাত বন্ধুক চুৰিৰে আঘাত কৰি ডকাইতিৰ চেষ্টা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4963779-257-4963779-1572927336178.jpg)
আহত জ্যোতিৰ্ময় চন্দনগিৰি
চুৰিৰে আঘাত কৰি ডকাইতিৰ চেষ্টা বন্ধুৰ
ইতিমধ্যে আহত মাতৃ-পুত্ৰ দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰিছে স্থানীয় লোকে। ৰহা আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । কিন্তু নিশা যাপন কৰিবলৈ গৈ নিজৰ বন্ধুক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধন,এটিএম লুট কৰা চেষ্টাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।
লগতে পঢ়কঃহাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি নিহত কিশোৰ