জলপাইগুড়ি, 27 জুনঃ পশ্চিমবঙ্গৰ জলপাইগুড়িৰ পৰা অহা ইৰাণী গ্ৰুপৰ এটা দলে অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন লোকৰ পৰা ধন কাঢ়ি নিয়াকে ধৰি চুৰি ডকাইতি লুণ্ঠণ আদি ঘটনা সংঘটিত কৰি আহিছে ৷ বৰপেটাৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা আটক কৰিবলৈ সক্ষম হয় চাৰিজনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলটোক ৷আটকাধীন ইৰাণী গ্ৰুপৰ যুৱক কেইজন হ'ল জনী গোৱালা, মুন্না গোৱালা,সঞ্জু গোৱালা আৰু পাপ্পু গোৱালা ৷ ইৰাণী গ্ৰুপৰ এই যুৱক কেইজনৰ ঘৰ পশ্চিমবঙ্গৰ জলপাইগুড়ি জিলাৰ ৰাজগঞ্জত বুলি জানিব পৰা গৈছে ৷ ইৰাণী গ্ৰুপৰ দুৰ্ধৰ্ষ দলটোৰ পৰা আৰক্ষীয়ে বান্দৰ কেকোৰা ,হস্ত নিৰ্মিত চোকা অস্ত্ৰ,১১টা মোবাইল, দুখন এ টি এম কাৰ্ড, কেবাখনো ছিম কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
বৰপেটাৰোড আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল - দুৰ্ধৰ্ষ ডকাইতৰ দল
বৃহস্পতিবাৰে বৰপেটাৰোড আৰক্ষীয়ে পশ্চিমবঙ্গৰ জলপাইগুড়িৰ পৰা অহা চাৰিজনীয়া ইৰাণী গ্ৰুপৰ দুৰ্ধৰ্ষ ডকাইতৰ দলক আটক কৰে
বৰপেটাৰোড আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল
উল্লেখ্য যে ধৃত ইৰাণী গ্ৰুপৰ দলটোৱে বৰপেটাৰোডৰ সেউজপুৰৰ সুশীল সিংহৰ ঘৰত কিছুদিন ধৰি ভাৰাতীয়া হিচাপে থাকি অসমৰ ভিন্ন প্ৰান্তৰ চুৰি, ডকাইতি, লুণ্ঠণ আদি চলাইছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ইৰাণী গ্ৰুপৰ দলটোক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে ৷