অসম

assam

ETV Bharat / jagte-raho

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত চুপাৰী ভৰ্তি ট্ৰাক জব্দ - গোসাইগাঁও সদৰ থানা

শ্ৰীৰামপুৰত চুপাৰী ভৰ্তি ট্ৰাক জব্দ ৷ আগতীয়াকৈ পোৱা খবৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷

Police seize Beetle nuts during search operation in Srirampur
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত চুপাৰী ভৰ্তি ট্ৰাক জব্দ

By

Published : Oct 31, 2020, 6:32 PM IST

Updated : Oct 31, 2020, 7:49 PM IST

গোঁসাইগাঁও, 31 অক্টোবৰ :গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাইUP-75AT-6262 ভুৱা নম্বৰৰ এখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে ৷ জানিব পৰা মতে,গুৱাহাটীৰ পৰা চুপাৰি ভৰ্তি কৰি বেলেগ গাড়ীৰ নম্বৰ লগাই এখন ট্ৰাক অবৈধ ভাৱে শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হ'ব বুলি আৰক্ষীয়ে আগতীয়াকৈ পোৱা খবৰৰ ভিত্তিত গোসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টুৰাম বৰাই নিশা অভিযান চলাই ট্ৰাকখন আটক কৰে ৷

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত চুপাৰী ভৰ্তি ট্ৰাক জব্দ

আৰক্ষীয়ে অভিযানত ট্ৰাকৰ চালক তথা গৰাকী মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ নিৱাসী লালজি সিঙক আটক কৰে ৷ সম্প্ৰতি চুপাৰিসহ ট্ৰাকখন গোসাইগাঁও থানাত আছে বুলি আৰক্ষীয়ে অৱগত কৰিছে ৷

লগতে পঢ়ক :ৰে’ল আৰক্ষীৰ বিৰুদ্ধে উদ্ভণ্ডালিৰ অভিযোগ

Last Updated : Oct 31, 2020, 7:49 PM IST

ABOUT THE AUTHOR

...view details