অসম

assam

ETV Bharat / jagte-raho

ডিটনেটৰসহ আৰক্ষীৰ জালত আইনাল হক নামৰ ব্যক্তি

আছাম ৰাইফলছ আৰু বৰখলা আৰক্ষীৰ যুটীয়া অভিযানত জিলেটিনৰ লগতে ডিটনেটৰসহ ধৃত হয় লোকজন ৷

By

Published : Mar 31, 2019, 11:06 PM IST

বিস্ফোৰক জব্দ

শিলচৰ, 31 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ অসম আৰক্ষী আৰু আছাম ৰাইফলৰ যুটীয়া অভিযানত কাছাৰ জিলাৰ বৰখলাৰ পৰা জব্দ হয় বিস্ফোৰক সামগ্ৰীখিনি ৷

বিষ্ফোৰক জব্দ

37 আছাম ৰাইফলছৰ চুবেদাৰ ধনীৰাম গগৈৰ নেতৃত্বত যোৱা আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় বিস্ফোৰক সামগ্ৰীখিনি ৷ অভিযানকাৰী দলটোৱে বৰখলা আৰক্ষী চকীৰ অন্তৰ্গত ভাঙ্গাৰপাৰ গাঁৱৰ আইনাল হকৰ গৃহৰ পৰা 180 ডাল জিলেটিনৰ লগতে 180 ডালডিটনেটৰজব্দ কৰিবলৈ সক্ষম হয় ৷

বিষ্ফোৰক জব্দ

ঘটনা সন্দৰ্ভত বৰখলা আৰক্ষী চকীত বিস্ফোৰক সামগ্ৰী আইনৰ 5 ধাৰাৰঅধীনত 108/19 নম্বৰত এটি গোচৰ ৰুজু কৰিছে আছাম ৰাইফলছে ৷ আৰক্ষীয়েআইনাল হককআটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details