অসম

assam

ETV Bharat / jagte-raho

আমেৰিকান দম্পতীক হত্যা কৰা দুই অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ - হত্যাকাণ্ড

বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা দুই হত্যাকাৰীক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, আমেৰিকান মূলৰ তেজপুৰৰ পতিয়াচুবুৰীৰ নিবাসী ব্ৰাইন অৰিজ আৰু আশা অৰিজক কেইটামান টকাৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

police-arrest-two-men-accused-of-killing-american-couple-in-tezpur
আমেৰিকান দম্পতীক হত্যা কৰা দুই অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ

By

Published : Dec 6, 2020, 10:44 PM IST

তেজপুৰ, 6 ডিচেম্বৰ : তেজপুৰত আমেৰিকান বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা দুই হত্যাকাৰীক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, আমেৰিকান মূলৰ তেজপুৰৰ পতিয়াচুবুৰীৰ নিবাসী ব্ৰাইন অৰিজ আৰু আশা অৰিজক কেইটামান টকাৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত

21 নৱেম্বৰত বৃদ্ধ দম্পতীৰ মৃতদেহ নিজ বাসগৃহত উদ্ধাৰ হোৱাৰ পিচত হত্যাকাৰীক বিছাৰি আৰক্ষীয়ে অভিযান চলাইছিল আৰু শনিবাৰে নিশা আৰক্ষীয়ে হত্যাকাৰী গিতুমণি বেজবৰুৱা আৰু উজ্বল বেজবৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মন্তব্য

লগতে পঢ়ক :কামপুৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী

উল্লেখ্য যে, নলবাৰীৰ দিন হাজিৰা কৰা দুই ভাতৃয়ে তেজপুৰ পতিয়া চুবুৰীৰ ব্ৰাইন অৰিজৰ বাসগৃহৰ ওচৰতে ভাড়াতীয়া হিচাপে আছিল । আনকি বৃদ্ধ দম্পতীৰ সৈতে হত্যাকাৰীৰ পৰিয়ালৰো সু-সম্পৰ্ক আছিল । কিন্তু কেইটামান টকাৰ বাবে দম্পতী হালক হত্যা কৰাৰ বাবে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে অভিযুক্তক ফাঁচীৰ দাবী জনাইছে ৷

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তদাৰক কৰি থকা তথা জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই গঠন কৰি দিয়া SIT য়ে দুই সপ্তাহৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details