ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰি আটক পঞ্চায়ত প্ৰতিনিধি - PANCHAYAT MEMBER DETAINED
নগাঁও জিলাৰ জেঙণি কলাডুবা গাওঁ পঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি মটিউৰ ৰহমানৰ বিৰুদ্ধে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিদ্বন্দী প্ৰাৰ্থী নবী হুছেইনে ৰিটাৰ্ণিং বিষয়াৰ লগতে নগাঁও সদৰ আৰক্ষী থানাতো দাখিল কৰিছিল এজাহাৰ ৷ বুধবাৰে নগাওঁ সদৰ থানাৰ আৰক্ষীয়ে নগাওঁ চহৰৰ পৰাই সোধ পোচৰ বাবে আটক কৰে পঞ্চায়ত সভাপতিগৰাকীক ।
![ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰি আটক পঞ্চায়ত প্ৰতিনিধি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3736743-thumbnail-3x2-ng.jpg)
ভুৱা শিক্ষাগত অৰ্হতা
নগাঁও ,3 জুলাই :বিগত পঞ্চায়ত নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি মনোনয়ন দাখিল কৰাৰ অভিযোগত নগাঁৱত আটক এজন পঞ্চায়ত প্ৰতিনিধি। প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰতিদ্বন্দী প্ৰাৰ্থী নবী হুছেইনে ৷
আটক পঞ্চায়ত প্ৰতিনিধি